গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভেৰে পদত্যাগঃ APCC ৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰীৰ UPPL ত যোগদান

APCC ৰ সভাপতি গৌৰৱ গগৈৰ গুৰুত্বহীনতাৰ বাবে পদত্যাগ কৰিল দলটোৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰীয়ে। বিটিচি নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বাবে এয়া মোক্ষম আঘাত বুলি বিবেচিত হৈছে। 

author-image
Asomiya Pratidin
New Update
গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভেৰে পদত্যাগঃ APCC ৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰীৰ UPPL ত যোগদান

ডিজিটেল সংবাদ কোকৰাঝাৰঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ গুৰুত্বহীনতাৰ বাবেই পদত্যাগ কৰিল অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰীয়ে। বিটিচি নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বাবে এয়া মোক্ষম আঘাত বুলি বিবেচিত হৈছে। 

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰীয়ে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ পিছতে আজি আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে। এই উপলক্ষে আজি কোকৰাঝাৰ জিলাৰ বেদলাংমাৰীৰ জিয়াগুৰীত আয়োজিত হোৱা এক যোগদান অনুষ্ঠানত গৰ্জন মুছাহাৰীৰ লগতে কংগ্ৰেছৰ আন ১৪ গৰাকী নেতা-কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে। 

বিধায়ক তথা ১২ নং ছালাকাটি সমষ্টিৰ প্ৰাৰ্থী লৰেন্স ইছলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য তথা বাওখুংগ্ৰী সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী,  ইউপিপিএলৰ মহিলা গোটৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্মৰ উপস্থিতিত আজি গৰ্জন মুছাহাৰীয়ে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে।

ইউপিপিএল দলত যোগদান কৰি গৰ্জন মুছাহাৰীয়ে কয় যে, গৌৰৱ গগৈৰ একাংশ ভুল নীতিৰ বাবেই তেওঁ পদত্যাগ কৰিছে। বিটিচি নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা সন্দৰ্ভতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি গৰ্জন মুছাহাৰীয়ে কয় যে গৌৰৱ গগৈয়ে নিজৰ নীতি আৰু পলিচি সলনি নকৰিলে অকল গৰ্জনে নহয় আন বহু নিষ্ঠাবান কংগ্ৰেছ কৰ্মীও দলত্যাগ কৰিব। 

বিটিচি নিৰ্বাচনত প্ৰাৰ্থীক টিকট দিয়া সন্দৰ্ভতো তেওঁক আঁতৰাই ৰখা হৈছিল আনকি পৰ্বতঝোৰা সমষ্টিৰ পৰা তেওঁ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল যদিও তেওঁক দলীয় টিকটৰ পৰা বঞ্চনা কৰাৰ অভিযোগ তুলিছে। ইয়াৰোপৰি বিটিচিৰ পৰ্যবেক্ষক পদৰ পৰাও আঁতৰাই ৰখা বুলি অভিযোগ কৰিছে গৰ্জন মুছাহাৰীয়ে। 

উল্লেখ্য যে অতি কঠিন কালত গৰ্জন মুছাহাৰীয়ে বিটিআৰত কংগ্ৰেছৰ দায়িত্ব লৈ বিটিআৰত কংগ্ৰেছক পুনৰজীৱিত কৰাৰ প্ৰচেষ্ঠাত ব্ৰতী হৈছিল আৰু কিছু পৰিমানে সফলো হৈছিল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কোকৰাঝাৰ ভ্ৰমণকালত গৰ্জন মুছাহাৰীক দলীয় কাম কাজৰ পৰা কিছু দূৰত্বত অৱস্থান কৰা পৰিলক্ষিত হৈছিল আৰু গৌৰৱ গগৈয়ে একপ্ৰকাৰ গৰ্জন মুছাহাৰীক দায়িত্বৰ পৰা আঁতৰাই ৰাখিছিল।

ইপিনে ইউপিপিএলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পিছতে বিধায়ক লৰেন্স ইছলাৰীয়ে গৰ্জন মুছাহাৰীক ইউপিপিএল দলত সম্পাদক আৰু মুখপাত্ৰ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে।

বিটিচি ইউ পি পি এল গৌৰৱ গগৈ কংগ্ৰেছ