/asomiyapratidin/media/media_files/2026/01/02/new-ap-web-1-37-2026-01-02-18-16-42.jpg)
ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ খাৰঘুলিত নিৰ্মীয়মাণ অৱস্থাত থকা ঘৰটো এতিয়া আৰু পৰিয়ালে নলয়। এই ঘৰটোতে স্থাপন হ’ব জুবিন গাৰ্গ ন্যাস। এই ন্যাসৰ দায়িত্বত থাকিব জুবিনৰ খুৰাক মনোজ বৰঠাকুৰ, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা আৰু আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত।
শুকুৰবাৰে সংবাদমেলযোগে এই কথা ৰাজহুৱা কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ অকাল বিয়োগৰ তিনিমাহ পাছত সংবাদ মাধ্যমৰ মুখামুখি হৈছে গৰিমা গাৰ্গ, ভগ্নী ড০ পামী বৰঠাকুৰ।
আজিৰ এই সংবাদমেলত জুবিন গাৰ্গৰ আদৰ্শ, আধৰুৱা সপোনবোৰক সাকাৰ ৰূপ দিয়াৰ লগতে আন কেতবোৰ কাম- কাজ সম্পন্ন কৰাৰ বাবে জুবিন গাৰ্গ ন্যাস গঠনৰ কথা অৱগত কৰে। এই ন্যাস জুবিন গাৰ্গৰ খাৰঘুলিৰ ঘৰত স্থাপন কৰা হ’ব বুলি পত্নী গৰিমাই জানিবলৈ দিয়ে।
সংবাদমেলত পত্নী গৰিমাই কয়- জুবিন গাৰ্গ অসম আৰু অসমবাসীৰ প্রাণে প্রাণে চিৰদিন চিৰবর্তমান এক সত্ত্বা। এই সত্ত্বাটোৰ সমান্তৰালভাৱে শিল্পীগৰাকীৰ স্বপ্ন আক কর্ম, সাধনা আৰু সৃষ্টি, আদর্শ আৰু বিশ্বাসকো আমি চিৰযুগমীয়া কৰি ৰাখিব লাগিব।
শিল্পীগৰাকীৰ পৰিয়াল, আত্মীয় স্বজন আৰু অগ্রজ-অনুজ ভ্রাতৃ-বন্ধুৰ সহায়-সহযোগিতা তথা দিহা-পৰামর্শেৰে আমি এক নতুন পদক্ষেপ ল'বলৈ আগবাঢ়িছোঁ। সমাজ, সংস্কৃতি, প্রকৃতি তথা নতুন প্রজন্মৰ কল্যাণৰ বাবে জুবিন গার্গে অলেখ সপোন দেখিছিল আৰু সিবোৰৰ হকে নিৰন্তৰ কাম কৰি গৈছিল। শিল্পীগৰাকীৰ সেই চেতনাক সাৰোগত কৰি, ৰাইজৰ সহায়-সহযোগিতা আৰু অভিভাৱকত্বৰ কামনাৰে আমি জুবিন গাৰ্গৰ নামত এটি ট্রাষ্ট বা ন্যাস গঠন কৰিবলৈ আগবাঢ়িছোঁ।
এই ট্রাস্টৰ যোগেদি জুবিন গাৰ্গৰ আদর্শেৰেই তেখেতৰ প্রিয় প্রকৃতি, মানুহ, সমাজ, সংস্কৃতি আৰু নতুন পুৰুষৰ বাবে আমি কাম কৰি যাম। এই পৰিকল্পনাৰ প্ৰথম পদক্ষেপ হিচাপে আমি আমাৰ খাৰঘূলিৰ যিটো property-সেইটো এই উদ্দেশ্যৰ বাবে আগবঢ়াই দিব বিচাৰিছোঁ। আমাৰ আশা- জুবিন গাৰ্গৰ সপোনৰ ঘৰটোৰ পৰাই তেখেতৰ আদৰ্শ আৰু দর্শনক জীয়াই ৰখাৰ বাবে কিছু ভাল কাম হৈ থাকক।
জুবিন গার্গে কৰি যোৱাৰ দৰেই এই ট্রাস্টে 'কলাগুক আর্টিষ্ট ফাউণ্ডেশ্যন'ৰ যোগেদি বিভিন্ন সামাজিক-সাংস্কৃতিক দিশত কাম কৰি যাব। শিল্পীগৰাকীয়ে তেখেতৰ ভগ্নীৰ নামত প্রতিষ্ঠা কৰি থৈ যোৱা 'অভিনয়াঃ জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্র'ৰ যোগেদি নতুন প্রজন্মৰ বাবে বিভিন্ন সাংস্কৃতিক পদক্ষেপ আমি গ্রহণ কৰি যাম।
তাৰ লগতে, জুবিন গাৰ্গৰ যিখিনি বৌদ্ধিক উত্তৰাধিকাৰ বা intellectual property, সেইবোৰৰ যথোপযুক্ত সংৰক্ষণৰ বাবে বিজ্ঞানসম্মত ব্যবস্থা গ্রহণ কৰা হ'ব। জুবিন গাৰ্গৰ জীৱন আৰু কর্ম, তেখেতৰ কৃতি-কৃতিত্ব আৰু সাংস্কৃতিক-সামাজিক অৱদান সম্পর্কে বিদ্যায়তনিক আৰু প্রণালীবদ্ধভাৱে চর্চা কৰাৰ উদ্দেশ্যেৰে এটি বিশেষ গৱেষণা গোট বা dedicated research wing গঠন কৰা হ'ব যিয়ে নিয়মীয়াকৈ শিল্পীগৰাকীক লৈ বৌদ্ধিক অন্বেষণ কৰি যাব।
জুবিন গাৰ্গৰ পঢ়াশলীয়া জীৱনৰ কেইবাগৰাকীও বন্ধু-বান্ধৱ, যি নিজ নিজ ক্ষেত্রত বিশেষভাৱে প্রতিষ্ঠিত, তেওঁলোকৰ লগতে ৰাজ্যখনৰ সামাজিক, সাংস্কৃতিক, প্রশাসনিক তথা সংবাদ জগতৰ বহুকেইগৰাকী অগ্রজ-অনুজ ভ্রাতৃ-বন্ধুৰ সহযোগিতাৰে আমি এই পদক্ষেপ হাতত লৈছোঁ। জুবিন গার্গে তেওঁৰ সেনাবাহিনী বুলি অভিহিত কৰা 'জুবিন ফেন ক্লাব' এই পৰিকল্পনাৰো সহযাত্রী হৈছে। জুবিন গাৰ্গৰ নামত গঠন হ'বলগীয়া এই ট্রাষ্টৰ প্ৰাৰম্ভিক পৰ্যায়ত সংবাদ মাধ্যমৰ যোগেদি আমি অসমবাসীৰ আশীষ বিচাৰিছোঁ বুলি গৰিমা গাৰ্গ আৰু ড০ পামী বৰঠাকুৰে জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us