ন্যায় বিচাৰি ভাগৰুৱা গৰিমা !

জুবিন গাৰ্গৰ ন্যায় বিচাৰি হয়তো ভাগৰি পৰিছে পত্নী গৰিমা গাৰ্গ ! জুবিন গাৰ্গৰ বিয়োগৰ ঘটনা এমাহ পাৰ হৈ যোৱাৰ পাছতো আজিপৰ্যন্ত ন্যায় নাপায় হয়তো আশাহত হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা। 

author-image
Asomiya Pratidin
New Update
73

ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ ন্যায় বিচাৰি হয়তো ভাগৰি পৰিছে পত্নী গৰিমা গাৰ্গ ! জুবিন গাৰ্গৰ বিয়োগৰ ঘটনা এমাহ পাৰ হৈ যোৱাৰ পাছতো আজিপৰ্যন্ত ন্যায় নাপায় হয়তো আশাহত হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা। 

অকালতে স্বামীক হেৰুৱাই শোকত ভাগি পৰি থকাৰ সময়তে গৰিমা গাৰ্গে সামাজিক মাধ্যমত কৰিছে এটি বিশেষ পোষ্ট। তেওঁ লিখিছে- সকলোতে মাথোঁ শূন্য। 

তেওঁৰ এই ফেচবুক পোষ্ট ৰাজহুৱা হোৱাৰ পাছতে চৰ্চিত হৈছে বিভিন্ন মহলত। হয়তো ন্যায় বিচাৰি বিচাৰি ভাগৰুৱা হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। তেওঁৰ এই পোষ্টটিত ২৯ অক্টোবৰ ২০২৫ৰ পুৱা ৯-৩০ বজাপৰ্যন্ত ৪০ হাজাৰৰো অধিক লোকে বিভিন্ন মতামত প্ৰদান কৰিছে সামাজিক মাধ্যমৰযোগেদি। 

সৰহসংখ্যকে হেজটেগ ব্যৱহাৰ কৰি লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। তাৰ মাজতে কোনোৱে লিখিছে- “সমগ্ৰ অসমৰ ৰাইজে তোমাৰ শূন্যতাক অনুভৱ কৰিছে৷ ফিনিক্স পখীয়ে ছাইৰ পৰাই নতুন জন্ম লোৱাৰ দৰে এই শূন্যতাৰ মাজৰ পৰাই জীৱনে গতি লওক৷
#JusticeForZubeenGarg“ 

আন এজনে লিখিছে- শূণ্য হ'ব নোৱাৰে Garrima Saikia Garg বৌ !!
আমি অনুভৱ কৰিবলৈ ধৰিছো জুবিন দা পূৰ্বতকৈ শক্তিশালী হৈ পৰিছে ! 'অমৰ জুবিন' দা কায়িক ভাৱে যিমান শক্তি-ক্ষম আছিল এতিয়া সৰ্বতো প্ৰকাৰে অধিক দুৰ্জেয় শক্তিমান হৈ পৰিছে আমাৰ সকলোৰে বাবে !
#JusticeForZubeenGarg

এনেদৰে বিভিন্ন জনে বিভিন্ন মতামতে গৰিমাৰ দুখৰ সমভাগী হৈছে। বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়।

গৰিমা গাৰ্গ জুবিন গাৰ্গ