"সিদ্ধাৰ্থৰ ওপৰত দিয়াৰ এজাহাৰ প্ৰত্যাহাৰ কৰক" ৰাইজলৈ অনুৰোধ গৰিমা শইকীয়া গাৰ্গৰ...

২০২০ চনত কভিডৰ সময়ছোৱাত জুবিন যেতিয়া ৰোগাক্ৰান্ত সিদ্ধাৰ্থে সকলো ব্যৱস্থা কৰি মুম্বাইত চিকিৎসা কৰাই বাছৰে জুবিনক উভতাই আনিছিল। সিদ্ধাৰ্থৰ বিষয়ে জুবিনে একো শুনিব নোৱাৰে...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ   প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে ৰাজ্যজুৰি জুবিনৰ মৃত্যুৰ তদন্তৰ দাবী উত্থাপন হৈছিল। কোনো কোনোৱে এই ঘটনাৰ চি বি আইৰ তদন্তও দাবী কৰিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু অসমৰ পৰা যিসকল লোক ছিংগাপুৰলৈ গৈছিল সেই সকলোকে তদন্তৰ আওঁতালৈ আনিব বুলি মুখ্যমন্ত্ৰীয়ে জানিব লৈ দিছিল।

এই ঘটনাৰ পাছতে আজি সন্ধিয়া জুবিনৰ অনুৰাগীক উদ্দেশ্যি ফেচবুকযোগে এক আহ্বান জনাইছে শিল্পী গৰাকীৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গে। ফেচবুক লাইভত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কথা উল্লেখ কৰি গৰিমাই কয়,"সিদ্ধাৰ্থ আমাৰ ভাইৰ নিচিনা। ২০২০ চনত কভিডৰ সময়ছোৱাত জুবিন যেতিয়া ৰোগাক্ৰান্ত সিদ্ধাৰ্থে সকলো ব্যৱস্থা কৰি মুম্বাইত চিকিৎসা কৰাই বাছৰে জুবিনক উভতাই আনিছিল। সিদ্ধাৰ্থৰ বিষয়ে জুবিনে একো শুনিব নোৱাৰে, তাৰ গাত টোপ এটাও পৰিব নিদিয়ে, গতিকে সেই ল'ৰাজনক জুবিনৰ শেষ যাত্ৰাত লগত থাকিবলৈ দিয়ক। সিদ্ধাৰ্থক লৈ আপোনালোকে যি ভাৱিছে সেইবোৰ চিন্তা মনৰ পৰা উলিয়াই দিয়ক।"

গৰিমাই লগতে কয়, "জুবিনৰ বহু আধৰুৱা কাম আছে, সিদ্ধাৰ্থ নাথাকিলে সেইবোৰ মই একো কৰিব নোৱাৰিম। মোক প্ৰতিটো ক্ষেত্ৰত সিদ্ধাৰ্থৰ সহায় লাগিব। গতিকে ল'ৰাটোক আহিবলৈ দিয়ক। মই হাতজোৰ কৰি অনুৰোধ জনাইছো সিদ্ধাৰ্থৰ বিৰুদ্ধে যি এজাহাৰ দিছে সেইবোৰ প্ৰত্যাহাৰ কৰক।"

গৰিমা গাৰ্গ