আমাৰ জুবিন, অমৰ জুবিনঃ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা সকলক পুনৰ প্ৰত্যুত্তৰ গৰিমা শইকীয়া গাৰ্গৰ...

জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ একাংশই সামাজিক মাধ্যমত ৰচনা কৰা ষড়যন্ত্ৰক লৈ পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৰিমা শইকীয়া গাৰ্গে। মঙলবাৰে উক্ত বিষয়টোক লৈ ফেচবুকত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৰিমা শইকীয়া গাৰ্গে কয় যে,

author-image
Asomiya Pratidin
New Update
ffff

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ একাংশই সামাজিক মাধ্যমত ৰচনা কৰা ষড়যন্ত্ৰক লৈ পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৰিমা শইকীয়া গাৰ্গে। মঙলবাৰে উক্ত বিষয়টোক লৈ ফেচবুকত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৰিমা শইকীয়া গাৰ্গে কয় যে,-  অপমান, অপযশ, অৱমাননা ইতিহাসে মনত নাৰাখে.. তেনেকুৱা  কথা কোৱা, চৰ্চা কৰা মানুহকো সময়ে মনত নাৰাখে । সময়ৰ শিলালিপিত খোদিত হৈ ৰয় মাথোঁ গুণী জ্ঞানী জনৰ নাম, কৰ্ম,গৌৰৱ আৰু গৰিমা ! এইয়াই ধ্ৰুৱ সত্য ।। "আমাৰ জুবিন , অমৰ জুবিন"

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰয়াত জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা সকলোৰে বিৰুদ্ধে উচিত তদন্ত কৰিবলৈ এজাহাৰ দাখিল কৰিছে গৰিমা শইকীয়া গাৰ্গৰ লগতে বহুকেইগৰাকী ব্যক্তিয়ে। জুবিন গাৰ্গৰ এজাহাৰৰ ভিত্তিতে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে শিখা শৰ্মা নামৰ মহিলা গৰাকীক।

জুবিন গাৰ্গ