চাৰ্জশ্বীট দাখিলৰ পিছতেই জুবিন ক্ষেত্রত উপস্থিত গৰিমা শইকীয়া গাৰ্গ

জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট দাখিলৰ পিছতেই জুবিন ক্ষেত্রত উপস্থিত গৰিমা শইকীয়া গাৰ্গ। গৰিমাৰ সৈতে ভগ্নী পামি বৰঠাকুৰৰ লগতে মঞ্জুলা বৰুৱাও উপস্থিত হয় জুবিন ক্ষেত্রত।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-12 at 9.13.19 PM

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট দাখিলৰ পিছতেই জুবিন ক্ষেত্রত উপস্থিত গৰিমা শইকীয়া গাৰ্গ। গৰিমাৰ সৈতে ভগ্নী পামি বৰঠাকুৰৰ লগতে মঞ্জুলা বৰুৱাও উপস্থিত হয় জুবিন ক্ষেত্রত। জুবিন ক্ষেত্রত থকা পক্ষীক আহাৰ যোগান ধৰে গৰিমা শইকীয়া গাৰ্গে।

আনহাতে চাৰ্জশ্বটী দাখিল সন্দৰ্ভত প্রতিক্রিয়া প্ৰকাশ কৰে গৰিমা শইকীয়া গাৰ্গে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ উল্লেখ কৰে যে, ‘জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিলো। সকলো অসমীয়াৰ দৰেই আৰক্ষীৰো জুবিনৰ প্রতি আৱেগ আছে। অসম আৰক্ষীয়ে সঠিক দিশতেই তদন্ত কৰিছে বুলি বিশ্বাস আছে। তদন্তকাৰী সংস্থাৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰিছো’ বুলি মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে। 

ইফালে, ন্যায় প্রক্রিয়া সূচাৰুৰূপে হ’ব বুলি আশাবাদী গৰিমা শইকীয়া গাৰ্গ। তেওঁ লগতে উল্লেখ কৰে যে, ‘প্রতিজন দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে। কোনো দোষী সাৰি নাযায় বুলি দেশৰ আইনৰ ওপৰত আস্থা আছে। আমি ফাষ্টট্রেক আদালতত বিচাৰ হোৱাটো বিচাৰিছো’ বুলিও তেওঁ মন্তব্য কৰে। 

জুবিন ক্ষেত্রত উপস্থিত হৈ আবেগিক হৈ পৰে গৰিমা। ‘স্বাৰ্থ ত্যাগ কৰি সকলোকে মৰম কৰিছিল জুবিন গাৰ্গে। জুবিন গাৰ্গৰ দৰে এটা সত্তা এনেদৰে কেনেকৈ নোহোৱা হৈ যাব পাৰে’ বুলিও প্ৰশ্ন উত্থাপন কৰে গৰিমা শইকীয়া গাৰ্গে। 

জুবিন গাৰ্গ জুবিন গৰিমা শইকীয়া গাৰ্গ