/asomiyapratidin/media/media_files/2025/09/20/new-ap-web-4-7-2025-09-20-19-45-53.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্য়ুক এতিয়াও মানি ল'ব পৰা নাই অনুৰাগী সকলে। জুবিনৰ কাহিলীপাৰাস্থিত বাসগৃহত গুণমুগ্ধই অভাৱনীয়ভাৱে ভিৰ কৰা পাছতে অনুৰাগীক উদ্দেশ্যি ফেচবুকযোগে এক আহ্বান জনাইছে শিল্পী গৰাকীৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গে।
বাৰ্তাত তেওঁ কয়- "মই সকলোকে ধন্যবাদ আৰু নমস্কাৰ জনাইছো। জুবিন আহিব এতিয়া। আপোনালোকে জীয়াই থকা কালত বহুত মৰম বহুত আশীৰ্বাদ দিলে,গতিকে এতিয়া আহিব জুবিন, শান্তিপূৰ্ণভাৱে সকলো হৈ যাওঁক। জুবিনৰ যি শেষ যাত্ৰা সেয়া একো বিঘিনি নোহোৱাকে সকলোখিনি শান্তিপূৰ্ণভাৱে হওঁক। প্ৰশাসনে আমাক বহুত সহায় কৰিছে। জুবিন আহক ভালকে,আমি সকলোৱে শেষবাৰৰ বাবে চাম তেওঁক।"
তাৰোপৰি ফেচবুক লাইভত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কথা উল্লেখ কৰি গৰিমাই কয়, "সিদ্ধাৰ্থ আমাৰ ভাইৰ নিচিনা। ২০২০ চনত কভিডৰ সময়ছোৱাত জুবিন যেতিয়া ৰোগাক্ৰান্ত সিদ্ধাৰ্থে সকলো ব্যৱস্থা কৰি মুম্বাইত চিকিৎসা কৰাই বাছৰে জুবিনক উভতাই আনিছিল। সিদ্ধাৰ্থৰ বিষয়ে জুবিনে একো শুনিব নোৱাৰে, তাৰ গাত টোপ এটাও পৰিব নিদিয়ে, গতিকে সেই ল'ৰাজনক জুবিনৰ শেষ যাত্ৰাত লগত থাকিবলৈ দিয়ক। সিদ্ধাৰ্থক লৈ আপোনালোকে যি ভাৱিছে সেইবোৰ চিন্তা মনৰ পৰা উলিয়াই দিয়ক।"
গৰিমাই লগতে কয়, "জুবিনৰ বহু আধৰুৱা কাম আছে, সিদ্ধাৰ্থ নাথাকিলে সেইবোৰ মই একো কৰিব নোৱাৰিম। ল'ৰাটোক আহিবলৈ দিয়ক। মই হাতজোৰ কৰি অনুৰোধ জনাইছো সিদ্ধাৰ্থৰ বিৰুদ্ধে যি এজাহাৰ দিছে সেইবোৰ উঠাই লওঁক।"
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক আৰু আকস্মিক মৃত্যুৰ পাছতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন স্থানত একাধিক এজাহাৰ দাখিল কৰা হৈছে।