/asomiyapratidin/media/media_files/2026/02/06/whatsapp-ima-2026-02-06-22-10-03.jpeg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্য়ুৰ সৈতে নাম সাঙোৰ খোৱা প্ৰবাসী অসমীয়াৰ বিৰুদ্ধে সৰৱ গৰিমা শইকীয়া গাৰ্গ। ছিংগাপুৰত প্ৰাণৰ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা এজনীয়া ন্যায়িক আয়োগত উপস্থিত হৈ প্ৰবাসী অসমীয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে গৰিমা শইকীয়া গাৰ্গে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/06/whatsapp-image-2026-02-06-22-08-59.jpeg)
উল্লেখ্য যে, প্ৰথমবাৰ সাক্ষ্য প্ৰদানৰ বাবে আয়োগত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ।সৌমিত্ৰ শইকীয়াৰ আয়োগত সাক্ষ্য প্ৰদান কৰে গৰিমা শইকীয়া গাৰ্গে কয় যে- বিচাৰ প্ৰক্ৰিয়াত সকলো তথ্য উন্মুক্ত হওক। দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে। জুবিনৰ নিচিনা ব্যক্তিৰ লগত যদি এনেকুৱা কৰিব পাৰে, তেন্তে সেইকেইটা অসুৰ হ’ব। SITত যিখিনি সাক্ষ্য প্ৰদান কৰিছিলোঁ, ইয়াতো সেইখিনি কথাই ক'লো। আজি সাক্ষ্য প্ৰদান সম্পূৰ্ণ নহ'ল, পুনৰ এদিন সাক্ষ্য প্ৰদানৰ বাবে আহিব লাগিব।
প্ৰবাসী অসমীয়াসকলে সকলো কথা ক'লে বিষয়টো ইমান মেৰপেচত নোসোমালহেঁতেন। কথাবোৰত নিশ্চয় ৰহস্য লুকাই আছে। মুঠতে য়টত থকা প্ৰবাসী অসমীয়া সকলো দোষী।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/06/whatsapp-image-2026-02-06-22-10-16.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us