/asomiyapratidin/media/media_files/2025/11/05/gdhhd-2025-11-05-16-49-24.jpg)
ডিজিটেল ডেস্কঃ মৰমৰ মানুহজনক হেৰুওৱাৰ পাছতে ভাগি পৰিছিল মানুহজনী। পেটলৈ ভাত যোৱা নাই, চকুত নাই টোপনি। এনে পৰিস্থিতিত তেওঁৰ স্বাস্থ্য ক্ৰমান্বয়ে অৱনতি ঘটিছিল। স্বাস্থ্যৰ এনে অৱস্থাৰ বাবে তেওঁক ভৰ্তি কৰা হৈছিল মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত।
গৰিমা গাৰ্গৰ স্বাস্থ্যক লৈ শেহতীয়াকৈ চিকিৎসালয়খনৰ কৰ্তৃপক্ষই দিছে এটা ভাল খবৰ। গৰিমা গাৰ্গ এতিয়া সুস্থ। মহানগৰীৰ হেলথ চিটি হস্পাতালত যোৱা ৪নৱেম্বৰ, ২০২৫ত ভৰ্তি কৰা হৈছিল গৰিমা গাৰ্গক। চিকিৎসালয় কৰ্তৃপক্ষই জনাই যে, গৰিমা গাৰ্গৰ বিশেষ কোনো গুৰুতৰ সমস্যা নাই।
কিছু মানসিক চাপ, দুৰ্বলতা আৰু ডিহাইডেশ্যনত ভুগিছে গৰিমা গাৰ্গ। গৰিমা গাৰ্গক বিশ্ৰামৰ বাবে পৰামৰ্শ দিছে চিকিৎসকে। গতিকে তেওঁ আগন্তুক দুই-তিনিদিনলৈ উক্ত চিকিৎসালয়খনতে বিশ্ৰামৰ বাবে ৰখা হব বুলি সদৰি কৰিছে। এই দুটা দিন পৰিয়ালৰ মানুহৰ বাহিৰে অইন কোনেৱে যাতে তেওঁ লগ কৰিব নোৱাৰে তাৰ বাবেও সৰ্তকতা পালন কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us