/asomiyapratidin/media/media_files/2025/10/04/whatsapp-i-2025-10-04-16-46-40.jpeg)
ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন তদন্তকাৰী বিষয়াক ঘূৰাই দিলে পত্নী গৰিমা গাৰ্গে। তদন্ত প্ৰক্ৰিয়াত যাতে কোনো ব্যাঘাতৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰে গৰিমা গাৰ্গে।
আগন্তুক সময়ত এছ আই টিৰ সকলো তদন্ত প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা ব্যক্ত কৰি গৰিমা গাৰ্গে কয়- যিহেতু তদন্ত প্ৰক্ৰিয়া চলি আছে, গতিকে এই সময়ত কথাবোৰ ৰাজহুৱা হ'লে ব্যাঘাত জন্মিব পাৰে পাৰে বুলি ভাবি মৰণোত্তৰ প্ৰতিবেদন মই গ্ৰহণ নকৰিলো।
আইনৰ ওপৰত আস্থা থকা বুলি ব্যক্ত কৰি তেওঁ লগতে কয়- মই আইনৰ কথা বিশেষ নাজানো। মৰণোত্তৰ প্ৰতিবেদন আদালত আৰু তদন্তকাৰী বিষয়াৰ সৈতেই থাকক। এতিয়া তদন্ত ভালদৰে আগবাঢ়িছে বুলি বিশ্বাস কৰিছো। প্ৰকৃততে ঘটনাটো কি হৈছিল সেয়া অতিশীঘ্ৰে জানিব লাগিব। তদন্ত জোৰদাৰ হ'ব লাগিব। যি দোষী আছে তেওঁলোকে কঠোৰ শাস্তি পাবই লাগিব।
তেওঁ লগতে কয়- “মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মোৰ ব্যক্তিগত সম্পত্তি নহয়। মই মোৰ মানুহজনক হেৰুৱাইছো, তেখেতক মই ঘূৰাই নাপাও কেতিয়াও। কিন্তু তেওঁ উচিত ন্যায় পাব লাগিব। জুবিন গাৰ্গক ন্যায় দিয়ক।“
শনিবাৰে এছ আই টিয়ে গৰিমা গাৰ্গৰ লগতে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ ভাষ্য গ্ৰহণ কৰাৰ কথাও সদৰী কৰে। আনহাতে জুবিন গাৰ্গক বিহ দি হত্যা কৰা সন্দৰ্ভত তেওঁ কয়- শেখৰে যদি জানিছিল ইমানদিন কিয় লুকুৱাই ৰাখিছিল? এইক্ষেত্ৰত দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগিব। মোৰ মানুহজনে সকলোকে ইমান মৰম কৰিছিল, তাৰ পিছতো তেওঁক কিয় এনেকুৱা কৰিলে?