দোষীয়ে কঠোৰতম শাস্তি পোৱাৰ দিনটোও সোনকালেই আহিবঃ গৰিমা গাৰ্গৰ পোষ্ট...

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সৈতে জড়িত ৫অভিযুক্তৰ জামিন আবেদনৰ শুনানিৰ পাছতে পত্নী গৰিমা গাৰ্গে সামাজিক মাধ্যমত এক বিশেষ পোষ্ট দি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। এই সমগ্ৰ ন্যায় প্ৰক্ৰিয়াটো

author-image
Asomiya Pratidin
New Update
hghghgh

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সৈতে জড়িত ৫অভিযুক্তৰ জামিন আবেদনৰ শুনানিৰ পাছতে পত্নী গৰিমা গাৰ্গে সামাজিক মাধ্যমত এক বিশেষ পোষ্ট দি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। এই সমগ্ৰ ন্যায় প্ৰক্ৰিয়াটো খৰতকীয়া কৰিবলৈ বিশেষ আদালতৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই গৰিমা গাৰ্গে। 

গৰিমা গাৰ্গে নিজা ফেচবুক পেইজত লিখিছে-  এটা এটাকৈ দিনবোৰ পাৰ হৈছে । জুবিন গাৰ্গৰ নামত আদালতত বিচাৰ চলি আছে । আমি পৰিয়ালৰ মানুহে, অসমৰ মানুহে তেওঁৰ সৈতে কি হৈছিল এতিয়াও সত্য জানিবলৈ প্ৰাৰ্থনাৰে, আইনী ব্যৱস্থাৰ মাজেৰে, ন্যায় প্ৰতিষ্ঠা হোৱাৰ বিশ্বাসেৰে, শুনানিৰ অপেক্ষাৰে ৰৈ আছো এসোপা অনিশ্চয়তা দিনে ৰাতিয়ে বুকুত সামৰি । কথাবোৰ এতিয়াও অবিশ্বাস্য কিন্তু দুৰ্ভাগ্যজনকভাবে সঁচাকৈ ঘটি আছে এই সকলোবোৰ । আশা কৰিছো তেওঁ নোহোৱা হোৱাৰ আঁৰৰ ঘটনাবোৰ অতি সোনকালে ফাদিল হ'ব আৰু দোষীয়ে কঠোৰতম শাস্তি পোৱাৰ দিনটোও সোনকালেই আহিব ।

তেওঁ লগতে লিখিছে-  যোৱা ১৭ তাৰিখে ৫ জন অভিযুক্তই বেইল আৱেদন কৰিছিল যদিও আজি সন্দীপন গাৰ্গ আৰু শ্যামকানু মহন্তই নিজৰ আৱেদন উঠাই লʼলে । আমি পৰিয়ালৰ তৰফৰ পৰাও দানৱকেইটাৰ বেইল নাকচ কৰিবলৈ আজি আদালতত আবেদন জনাইছোঁ । বাকী তিনিজন অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ bail hearing হʼল যদিও ফলাফল অহা ৩০ জানুৱাৰীতহে জানিবলৈ পোৱা যাব । কেৱল আমাৰ পৰিয়ালেই নহয়, সমগ্ৰ অসম তথা পৃথিৱীজুৰি জুবিনক ভালপোৱা সকলোৰে এটাই আহ্বান.. বিচাৰপ্ৰক্ৰিয়া শেষ নোহোৱালৈকে আৰু হত্যাকাৰীকেইটাৰ শাস্তি নোহোৱালৈকে কোনো এটা অভিযু্ক্তয়েই যাতে জামিন নাপায় ! লগতে, ন্যায় প্ৰক্ৰিয়াটো খৰতকীয়া কৰিবলৈ special court খনৰ কিন্তু অতিমাত্ৰাই প্ৰয়োজন আছে । #JusticeForZubeenGarg

উল্লেখ কৰা প্ৰয়োজন যে,  ২২জানুৱাৰীত আদালতত আছিল জুবিন হত্যাকাণ্ডৰ সৈতে জড়িত পাঁচ অভিযুক্তৰ জামিনৰ শুনানি। কিন্তু এই শুনানিৰ পূৰ্বেই শ্যামকানু আৰু সন্দীপনৰ অধিবক্তাই প্ৰত্যাহাৰ কৰে জামিনৰ শুনানি।  আন ৩গৰাকী অভিযুক্তৰ জামিন আবেদনৰ শুনানি সম্পন্ন হ'ব অহা ৩০জানুৱাৰীত। কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হ'ব এই শুনানি। 

জুবিন গাৰ্গ