/asomiyapratidin/media/media_files/2025/09/29/yhhhhdd-2025-09-29-12-04-38.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ আদ্ধশ্ৰাদ্ধৰ দিনা পত্নী গৰিমা গাৰ্গে আক্ষেপেৰে ক'লে বহু কথা। জুবিন মৃত্যুৰ বাবে সিদ্ধাৰ্থ, শেখৰৰ লগতে য়াটত থকা সকলোবোৰেই দায়ী বুলি মন্তব্য কৰিলে গৰিমাই। তেওঁ কয় যে, দুৰ্বল তথা ভাগৰুৱা জুবিন গাৰ্গক সাগৰত সাতুঁৰাত বাধা দিব লাগিছিল সিদ্ধাৰ্থ আৰু শেখৰে। য়াটত থকা প্ৰত্যোকজনেই জুবিন মৃত্যুৰ বাবে দায়ী।
গৰিমা গাৰ্গে লগতে কয় যে, জুবিনৰ টকা-পইচা, ব্যৱসায়ৰ বিষয়ে মই একোৱেই নাজানো। কোনোদিন মই তেওঁৰ এনে কথাত হস্তক্ষেপ কৰা নাই। এতিয়া মই এই সকলোবোৰ কথা নতুনকৈ শিকিবহে লাগিব। মই নজনাখিনি জনাত সকলোৱে সহায় কৰিব বুলি আশা কৰিলো।
গৰিমা গাৰ্গে লগতে কয় যে, চৰকাৰৰ ওপৰত মোৰ বিশ্বাস আছে, তদন্তই সঠিকৰূপে চলিব বুলি মোৰ বিশ্বাস আছে। জুবিনক আজি যেনেদৰে মৰম দিছে আগন্তুক সময়তো এনেদৰেই মৰম দি যাব বুলি ৰাইজক আহ্বান জনাই পত্নী গৰিমাই। উল্লেখ্য যে, জুবিনৰ মৃত্যুক লৈ ইতিমধ্যে ছিংগাপুৰৰ সকলোৰে বিৰুদ্ধে চি আই ডিত গোচৰ ৰুজু কৰিছে গৰিমা গাৰ্গ আৰু পৰিয়ালে।