/asomiyapratidin/media/media_files/2025/10/31/garimsss-2025-10-31-08-38-27.jpg)
ডিজিটেল ডেস্কঃ প্ৰিয় পুৰুষৰ শেষৰখন চিনেমা। জুবিনৰ অনুুপস্থিতিত পত্নী গৰিমা গাৰ্গে যেন সাহস গোটাব পৰা নাই চিনেমাখন চাবলৈ। এই কথা যোৱা বৃহস্পতিবাৰে জুবিন ক্ষেত্ৰত সংবাদ মাধ্যমক সদৰি কৰিছিল গৰিমা গাৰ্গে। তথাপিও তেওঁ কৈছিল যে, যিকোনো প্ৰকাৰে তেওঁৰ হেপাঁহৰ চিনেমাখন চাবই লাগিব। তেওঁ অতি নিষ্ঠা আৰু কষ্টৰে কৰা কাম এইটো। গতিকে কোনোবা এটা দিনত চিনেমাখন চাবলৈ যাব লাগিব।
শনিবাৰে পুৱাৰ ভাগতে পৰিচালক ৰাজেশ ভূঞাই সংবাদমাধ্যমত সদৰি কৰিলে যে, গৰিমা গাৰ্গে ছবিখন ক'ত চাব, সেয়া এতিয়া আলোচনা কৰিবলৈ তেওঁৰ ঘৰলৈ গৈ আছো। পৰিচালক ভূঞাই লগতে ক'লে শুকুৰবাৰেই ৰৈ ৰৈ বিনালে চাব গৰিমা গাৰ্গে। গুৱাহাটীৰ কোনোবা এটা হ'লত গৰিমাই চাব জুবিনৰ শেষৰখন চিনেমা।
উল্লেখ কৰা প্ৰয়োজন যে, অহা এসপ্তাহলৈ অসমৰ কোনো এটা ছবিঘৰত পাবলৈ নাই টিকট। বিগত ৯০বছৰৰ ইতিহাসত অসমীয়া ছবিৰ সকলো অভিলেখ ভংগ কৰিলে ৰৈ ৰৈ বিনালে ছবিখনে। গুৱাহাটীত পুৱতি নিশা ৪.২৫বজাৰ পৰাই আৰম্ভ হৈছে ছবিখনৰ দৰ্শনী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us