/asomiyapratidin/media/media_files/2025/10/21/ddddddddddd-2025-10-21-09-41-48.jpg)
ডিজিটেল ডেস্কঃ আজি গৰিমা শইকীয়া গাৰ্গৰ জন্মদিন। ওপজা দিনটোত পুৱাই গৰিমা গাৰ্গে মনত পেলালে স্বামী জুবিন গাৰ্গক। জুবিনৰ সৈতে উঠা পুৰণি বিশেষ দুখন ফটো পুৱাই ফেচবুকত আপলোড কৰিলে গৰিমাই। উক্ত ফটো দুখন পোষ্ট কৰি গৰিমাই লিখিছে কেৱল- 'গল্ডি ' বুলি।
উল্লেখ কৰা প্ৰয়োজন যে, বিগত এটা মাহত পত্নী গৰিমা গাৰ্গে প্ৰতিদিনাই দাবী কৰি আহিছে স্বামীৰ ন্যায়। কেতিয়াবা যদি সোণাপুৰত উপস্থিত হৈ এই দাবী কৰিছে, কেতিয়াবা সামাজিক মাধ্যমযোগে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোকে এক হ'বলৈ আহ্বান জনাইছে।
ইফালে জুবিন গাৰ্গৰ অনুপস্থিতিত পত্নী গৰিমা গাৰ্গক সহস্ৰাধিক লোকে ওপজা দিনৰ ওলগ জনাইছে। একাংশ নেটিজেনে গৰিমা গাৰ্গক ৰাণী আখ্যা দি দিছে ওপজা দিনৰ ওলগ। গৰিমা গাৰ্গে মঙলবাৰে পুৱাই আপলোড কৰা ফটো দুখন হৈছে এই দুখন-
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/21/2353ec08-a7ec-4922-aab8-e467b685dce2-2025-10-21-09-46-59.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us