মই কেৱল মোৰ স্বামীক হেৰুওৱা নাই...

১৫অক্টোবৰৰ বাক্সা ঘটনাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ভিন্নজনে এই ঘটনাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ঘটনাটোক লৈ মাজনিশা সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও।

author-image
Asomiya Pratidin
New Update
8a5b4112-63ce-4368-aad0-e43e79e3d495

ডিজিটেল ডেস্কঃ ১৫অক্টোবৰৰ বাক্সা ঘটনাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ভিন্নজনে এই ঘটনাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ঘটনাটোক লৈ মাজনিশা সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও।

ফেচবুকত গৰিমা গাৰ্গে লিখে যে, - মই কেৱল মোৰ স্বামীক হেৰুওৱা নাই ..প্ৰতিঘৰ অসমীয়াই নিজৰ এজন পুত্ৰ/ভাতৃ/বন্ধু/অভিভাৱক হেৰুৱাইছে । বিশ্বজুৰি তেওঁক ভালপোৱা বহুজনে আপোন এজনক হেৰুৱাইছে । সকলোৰে মন-মগজু,বিবেক,,, দুখ, কষ্ট আৰু বহু প্ৰশ্নৰে ভাৰাক্ৰান্ত হৈ আছে। এনে সময়ত সকলোৱে সকলোৰে মনঃস্তত্ব ভালদৰে বুজিবলৈ চেষ্টা কৰাটো আটাইতকৈ জৰুৰী কথা । কৃত্ৰিমতা আৰু মেৰপেচবোৰ এৰি সৰল , পোনপটীয়া কথাৰে সময়ক সহযোগ কৰাটো অত‌্যন্ত জৰুৰী ।‌ শান্তিৰ আৰু সম্প্ৰীতিৰ বাতাবৰণ অব্যাহত থাকক ,, আৰু কোনো হানি- বিঘিনিৰ খবৰ নালাগে প‌্ৰভু।

উল্লেখ কৰা প্ৰয়োজন যে, বাক্সাৰ এই ঘটনাত বহুকেইগৰাকী লোক আহত হৈছে। ইয়াৰ ভিতৰত আছে আৰক্ষী, সাংবাদিকৰ লগতে সাধাৰণ লোক। দুগৰাকী প্ৰতিবাদকাৰী গুলীৱিদ্ধও হৈছে। অৱশ্যে দুয়োগৰাকীৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ।

জুবিন গাৰ্গ