/asomiyapratidin/media/media_files/2025/10/31/ujjjdd-2025-10-31-06-35-49.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ বহু হেপাঁহৰ ছবি ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে পত্নী গৰিমা গাৰ্গে সামাজিক মাধ্যমত লিখিলে এটা আৱেগিক পোষ্ট। গৰিমা গাৰ্গে সামাজিক মাধ্যমত লিখিছে এনেদৰে-
আনফালে নলাবাৰী প্ৰতিদিনে ৫টা দৰ্শনীৰ বিপৰীতে বঙাইগাঁৱৰ দুটা ছবিগৃহত প্ৰতিদিনে ৩০টাকৈ দৰ্শনী হ'ব। ডিব্ৰুগড়ত প্ৰতিদিনে ১২টা, তিনিচুকীয়াত প্ৰতিদিনে ১৬টা, যোৰহাটৰ দুটা ছবিঘৰত প্ৰতিদিনে ২১টা, গোলাঘাটত ৪টা আৰু নগাঁৱত প্ৰতিদিনে ৯টা দৰ্শনী অনুষ্ঠিত হ'ব।
তেজপুৰৰ ৪টা ছবিগৃহত প্ৰতিদিনে ৪২টা দৰ্শনী, লখিমপুৰতো ৪টা ছবিঘৰত দিনে ২০টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ডিফুত প্ৰতিদিনে ৪টা দৰ্শনী, হাফলঙত প্ৰতিদিনে ৪টা দৰ্শনী, শিলচৰত ৪টা, মাৰ্ঘেৰিটাত ৪টাকৈ দৰ্শনী প্ৰতিদিনে প্ৰদৰ্শিত হ'ব ৰৈ ৰৈ বিনালেৰ।
আনফালে অসমৰ বাহিৰতো ইটানগৰৰ ৩টা ছবিগৃহত প্ৰতিদিনে ৯টা দৰ্শনী, নাহৰ লগুণত দিনে ৩টা দৰ্শনী, বৃহত্তৰ মুম্বাইৰ ১০টা ছবিগৃহত প্ৰতিদিনে ১২টা দৰ্শনী, দিল্লী এন চি আৰৰ ১০টা ছবিগৃহত প্ৰতিদিনে ২৬টা দৰ্শনী প্ৰদৰ্শিত হ'ব ৰৈ ৰৈ বিনালেৰ।
ইয়াৰোপৰি বেংগালুৰু ১০টা ছবিগৃহত ২৩টা দৰ্শনী প্ৰতিদিনে, হায়দৰাবাদত দিনে ২টা দৰ্শনী, আহমেদাবাদত ১টা, পুণেত দিনে ৭টা, চেন্নাইত দিনে ২টা, কলকতাত দিনে ১২টা আৰু কোচিত প্ৰতিদিনে ১টাকৈ দৰ্শনী প্ৰদৰ্শিত হ'ব জুবিন গাৰ্গৰ অতিকৈ হেপাঁহৰ চিনেমাখন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us