/asomiyapratidin/media/media_files/2025/10/19/ujjjdd-2025-10-19-09-23-06.jpg)
ডিজিটেল ডেস্কঃ মনৰ মানুহজন নোহোৱা হোৱা এমাহ হ'ল। প্ৰতিটো ক্ষণ, প্ৰতিটো পল প্ৰিয়জনৰ সান্নিধ্যৰ কথা মনত পেলাই উচুপি উচুপি কান্দিছে পত্নী গৰিম গাৰ্গে। বেছিকৈ মনত পৰিলেই তেওঁ দৌৰি গৈছিল সোণাপুৰলৈ। স্বামীৰ সমাধিৰ কাষত বহি পাতিছিল বহু কথা।
প্ৰিয় মানুহজন নোহোৱা হোৱাৰ ৩০টা দিন সম্পূৰ্ণ হোৱাৰ দিনা পত্নী গৰিমা গাৰ্গে লিখিলে এক আৱেগিক পোষ্ট। ফেচবুকত গৰিমা গাৰ্গে লিখিছে এনেদৰে- তুমি আছা .. সদায় থাকিবা । মাথোঁ কল্পনা নহয়, আত্মাৰ বান্ধোন জন্মান্তৰলৈ ! তুমিয়েই সকলো ক'বা.. হেজাৰ প্ৰশ্নৰ উত্তৰ আনি দিবা ,, বাট পোহৰাই খোজ দিয়াবা .. মই জানো !
গৰিমা গাৰ্গে লগতে লিখিছে- তুমিয়েই শিকালা, সাহস আৰু বিশ্বাস দিলা, পৃথিৱী দেখুৱালা.. মই মাথো তোমাৰ আঙুলিত ধৰি গৈ থাকিলোঁ । মোৰ ঈশ্বৰপুৰুষ ! তুমি মোক সদায়ে আৱৰি ৰাখিবা মই জানো ! #JusticeForZubeenGarg