সিদ্ধাৰ্থ- শ্যামকানুৰ গ্ৰেপ্তাৰ কৰাতো ভাল হৈছেঃ গৰিমা গাৰ্গৰ প্ৰতিক্ৰিয়া...

জুবিন মৃত্যকাণ্ডৰ অন্যতম অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। চি জে এম আদালতে দুয়োকে ১৪দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। বুলেটপ্ৰুফ বাহনত উঠাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ

author-image
Asomiya Pratidin
New Update
web ap garima (2)

ডিজিটেল ডেস্কঃ জুবিন মৃত্যকাণ্ডৰ অন্যতম অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। চি জে এম আদালতে দুয়োকে ১৪দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। বুলেটপ্ৰুফ বাহনত উঠাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ যোৱা হয় চি আই ডিৰ কাৰ্যালয়লৈ।

ইফালে সিদ্ধাৰ্থ আৰু শ্যামকানুক গ্ৰেপ্তাৰ কৰাৰ পাছতে সন্তুষ্টি প্ৰকাশ কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। তেওঁ কয় যে, শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰিছে ভাল কথা। চৰকাৰ আৰু ন্যায়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। তেওঁলোকৰ মুখৰ পৰা উলিয়াৱক, আঁচলতে সেইদিনা কি হৈছিল। আমি সকলোৱে জানিব বিচাৰি আছো ইমান দিন ধৰি।

জুবিন গাৰ্গ নিচিনা এগৰাকী ব্যক্তিৰ সৈতে কিয় এনে হবলৈ পালে এই সকলোবোৰৰ উত্তৰ আমাক লাগিব। উল্লেখ্য যে, আজি যোৰহাটত অনুষ্ঠিত হোৱা আদ্যশ্ৰাদ্ধস্থলীত এই মন্তব্য প্ৰদান কৰে গৰিমা গাৰ্গে। 

শ্যামকানু মহন্ত