কেবিনেটত ফাষ্টট্ৰেক কোৰ্ট গঠনৰ সিদ্ধান্ত লোৱাৰ পাছতেই সামাজিক মাধ্যমত গৰিমাৰ ফেচবুক পোষ্ট

এতিয়া কেৱল আমিয়েই নহয় সমগ্ৰ অসমৰ জনসাধাৰণে অভিযুক্তই কঠোৰতকৈ কঠোৰতম শাস্তি পোৱা দিনটোলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-27 at 9.39.58 AM

ডিজিটেল ডেস্কঃ  বৃহস্পতিবাৰে কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ ক্ষিপ্ৰ কৰাৰ লক্ষ্যৰে এখন বিশেষ ফাষ্টট্ৰেক আদালত গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে-  এই বিশেষ আদালতৰ কাম-কাজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ তত্ত্বাৱধানত পৰিচালিত হ’ব। দৈনিক ভিত্তিত শুনানি চলাই কেচটোৰ দ্ৰুত নিষ্পত্তি নিশ্চিত কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য বুলি। 

কেবিনেট বৈঠকৰ অন্তত ফাষ্টট্ৰেক কোৰ্টৰ সিদ্ধান্ত হোৱাৰ পাছত সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে কৰে এক ফেচবুক পোষ্ট। পোষ্টটোত গৰিমাই লিখিছে - আজি বহুদিন ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ/ বিভিন্ন লোকৰ পৰা দাবী উত্থাপন হৈ আছে যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গোচৰৰ ফাষ্ট ট্ৰেকিং/ক্ষীপ্ৰ বিচাৰৰ বাবে এখন dedicated court চৰকাৰে গঠন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে , যʼত দৈনিক জুবিন গাৰ্গৰ কেচটোৰেই শুনানি হয়। পৰিয়ালৰ সদস্য হিচাপে আমিও একেদৰেই বিচাৰিছো যে জুবিনৰ হত্যাকাণ্ডৰ দোষীসকলৰ বিৰুদ্ধে, সকলো আইনী পদ্ধতিৰ মাজত, অতি কম সময়ৰ ভিতৰতে বিচাৰ সম্পন্ন হওঁক আৰু অভিযুক্তক শাস্তি প্ৰদান কৰা হওঁক । এইখিনি কথা আমাৰ মত হিচাপে আমি সামাজিক ভাৱে প্ৰকাশ কৰিছিলোঁ । যিহেতু, আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰে গঠিত উচ্চ পৰ্যায়ৰ এছ আই টিয়ে বিশদ আৰু নিখুঁত তদন্তৰ অন্তত উপযুক্ত সাক্ষ্য আৰু প্ৰমাণৰ ভিত্তিত দোষীক চিনাক্ত কৰিছে, আৰু এয়া এক হত্যাকাণ্ড বুলিও নিশ্চিত হৈছে,গতিকে  হত্যাকাৰীয়ে উচিত শাস্তি পাবই লাগিব ।

এয়া পৰিয়ালৰ পৰা আমাৰ অভিমত --কিন্তু, জুবিন কেৱল আমাৰ পৰিয়ালৰ নহয়, সমগ্র অসমীয়া ৰাইজৰ। ৰাইজৰ তেওঁলৈ থকা মৰম আৰু আগ্ৰহ নেওচি আমি কোনো কাম কৰিব নোৱাৰো অথবা কোনো সিদ্ধান্তও গ্ৰহণ কৰিব নোৱাৰো, সেইকাৰণে ৰাইজৰ মতামত আমাৰ কাৰণে অত্যন্ত জৰুৰী। যিহেতু এই কেচটো চলিছে অসম ৰাজ্য( State of Assam) আৰু অভিযুক্ত কেইটাৰ মাজত আৰু prosecution ৰাজ্যৰ ( govt in power) ওপৰত নিৰ্ভৰশীল .. গতিকে অপৰাধীৰ শাস্তি প্ৰদান নিশ্চিত কৰাটো তেওঁলোকৰ কৰ্তব্য ,,দায়বদ্ধতা । প্ৰায়ে কোৱা হয় যে "Justice delayed is justice denied"..সেয়ে আমি ইতিমধ্যে নিশ্চিত হৈ থকা কথাবোৰ আদালতত সোনকালে প্ৰতিষ্ঠা হোৱাটো বিচাৰিছোঁ ।

এতিয়া কেৱল আমিয়েই নহয় সমগ্ৰ অসমৰ জনসাধাৰণে অভিযুক্তই কঠোৰতকৈ কঠোৰতম শাস্তি পোৱা দিনটোলৈ অধীৰ  আগ্ৰহেৰে অপেক্ষা কৰি আছে । যিহেতু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিশেষ আদালতৰ কথা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ঘোষণা কৰিছে,গতিকে আমি ভাবো যে ৰাজ্য চৰকাৰে  জুবিন গাৰ্গৰ এই অভাৱনীয় ঘটনাটোৰ বিচাৰৰ বাবে দৈনন্দিন ভিত্তিত এই (বিশেষ) ফাষ্টট্ৰেক কোৰ্টখন  স্থাপন কৰাৰ জৰুৰী পদক্ষেপ এনেদৰে গ্ৰহণ কৰক যাতে জুবিনৰ ন্যায় সম্পূৰ্ণ সঠিক দিশত যিমান সোনকালে সম্ভৱ নিশ্চিত হওঁক । আশা কৰো আমাৰ, দেশৰ কোটি কোটি জনতাৰ আস্থা আৰু বিশ্বাসৰ সন্মান ৰাখি, দেশৰ ন্যায় ব্যৱস্থাই জুবিনৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু খুব সোনকালে উচিত ৰায়দানেৰে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব!

WhatsApp Image 2026-02-27 at 9.37.25 AM

গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গ জুবিন