অচিৰেই আমি আকৌ লগ হম, গল্ডিঃ গৰিমা গাৰ্গৰ আবেগিক পোষ্ট...

প্ৰিয় মানুহজন নোহোৱা হোৱাৰ পাছত পত্নী গৰিমা গাৰ্গৰ প্ৰথমটো ফেচবুক পোষ্ট। সোমবাৰে নিশা সামাজিক মাধ্যমত জুবিন গাৰ্গৰ সৈতে এটা সুন্দৰ মূৰ্হুতৰ ফটো শ্বেয়াৰ কৰি ন্যায়ৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি

author-image
Asomiya Pratidin
New Update
f6f6cdde-5b6c-419c-8976-3144534419a8

ডিজিটেল ডেস্কঃ প্ৰিয় মানুহজন নোহোৱা হোৱাৰ পাছত পত্নী গৰিমা গাৰ্গৰ প্ৰথমটো ফেচবুক পোষ্ট। সোমবাৰে নিশা সামাজিক মাধ্যমত জুবিন গাৰ্গৰ সৈতে এটা সুন্দৰ মূৰ্হুতৰ ফটো শ্বেয়াৰ কৰি ন্যায়ৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকাৰ কথা ব্যক্তি কৰিলে তেওঁ। 

ফেচবুকত জুবিনৰ সৈতে অচিৰেই পুনৰ দেখা হ'ব বুলি উল্লেখ কৰি তেওঁ ইংৰাজীত লিখিছে- The last one for this life...But we will be together again,,very soon Goldie ! তেওঁ আপলোড কৰা ফটোখন হৈছে এইখন-

557628441_10165032256019369_6263627616971468037_n

গৰিমা শইকীয়া গাৰ্গে লগতে লিখিছে যে,  এতিয়া, অতি শীঘ্ৰেই মই/ আমি সকলোৱে জানিব লাগিব তুমি কায়িক ভাবে নোহোৱা হৈ যোৱাৰ কাৰণ । কিয় ? এতিয়া এটা ডাঙৰ প্ৰশ্ন ! এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূণ্য বুকু । মোক উত্তৰ লাগে ..#JusticeForZubeenGarg

ইফালে একেটা সময়তে জুবিন ভগ্নী ড০ পাল্মী বৰঠাকুৰেও লিখিছে এক ফেচবুক পোষ্ট। এখন ফটোৰ সৈতে তেওঁ লিখিছে এনেদৰে-  আকৌ তই ' মমন ' বুলি মাতিবি.... যেতিয়া লগ পাম সীমনাৰ সিপাৰে.... এতিয়া লক্ষ্য মাত্ৰ এটাই, তোক ন্যায় দিয়াব লাগিব! ৰাইজ! আপোনালোকৰ মনোবল আমাৰ সহায়ক হওঁক!🙏🏻 

জুবিনৰ ভগ্নীয়ে আপলোড কৰা ফটোখন হৈছে এইখন-

560542557_24778208858504504_3773023794300389165_n

জুবিন গাৰ্গ