জুবিনক তই বুলি সম্বোধনঃ আস্থাক ক্ষমা কৰি দিবলৈ আহ্বান গৰিমা গাৰ্গৰ...

একাংশই আস্থাৰ লগতে পিতৃ অভিনেতা যতীন বৰাক উদ্দেশ্যিও কটু মন্তব্য কৰে। এই ঘটনাৰ পাছতে ৰাইজক উদ্দেশি বিশেষ পোষ্ট কৰে জুবিন পত্নী গৰিমা গাৰ্গৰ লগে ভগ্নী পালমী বৰঠাকুৰে।

author-image
Asomiya Pratidin
New Update
AP WEB 2 (4)

ডিজিটেল সংবাদ,গুৱাহাটীঃ  অভিনেতা যতীন বৰাৰ কন্যা আস্থা যতীন বৰাৰ বিৰুদ্ধে সামাজিক মাধ্যমত ক্ষোভ উজাৰিছে জুবিন অনুৰাগীয়ে। দৰাচলতে ৰৈ ৰৈ বিনালে প্ৰথম দিনটোত সাংবাদিকে আস্থাৰ পৰা ছবিখন সন্দৰ্ভত জানিব বিচৰাত আস্থা যতীন বৰাই জুবিন গাৰ্গক জুবিন আৰু সি বুলি সম্বোধন কৰিছিল।

এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা পাছতে জুবিন অনুৰাগী সকল ক্ষুব্ধ হৈ পৰে। একাংশই আস্থাৰ লগতে পিতৃ অভিনেতা যতীন বৰাক উদ্দেশ্যিও কটু মন্তব্য কৰে। এই ঘটনাৰ পাছতে ৰাইজক উদ্দেশি বিশেষ পোষ্ট কৰে জুবিন পত্নী গৰিমা গাৰ্গৰ লগে ভগ্নী পালমী বৰঠাকুৰে।

WhatsApp Image 2025-11-01 at 10.07.50 AM (1)

গৰিমাই নিজ সামাজিক মাধ্যমত লিখে যে, "আপোনালোকে এই সময়ত কোৱাৰ বাবে বেয়া নাপাব বা দোষ নধৰিব । আস্থা আৰু গীত ( যতীন বৰাৰ ল'ৰা- জীয়ৰী), বিৰিণা( ৰাজেশ ভূঞাঁৰ জীয়ৰী), দিমী (দ্বীপকেশৰ ছোৱালী), চূণচূণ( ৰাজাৰ লʼৰা), ৰাহুল আৰু ৰোহন (গৌতম শৰ্মা দাৰ ল'ৰা) ইত্যাদি বহুকেইটা লʼৰা- ছোৱালী জন্ম হওঁতেই "ডাঙৰ হৈ ইহঁত মোৰ বন্ধু হ'ব" বুলি কৈছিল জুবিনে .. মাত ফুটোতেই শিকাইছিল "জুবিন" আৰু মোক "গৰিমা" বুলি মাতিবলৈ । গতিকে এই অকণমানি কেইটাই আমাক তেনেকৈয়ে মাতে... খুব মৰম কৰে, আমাৰ যত্ন লয় । জুবিন আৰু মই কোনটোক বেছি মৰম কৰোঁ সেইবোৰ লৈ গৰ্ব -অভিমান চলি থাকে । অকনমানিৰেপৰা আমাৰ সৈতে শোৱে, ভাত খায়, সময় কটায় , সিহঁতৰ সপোনৰ কথা কয় । এই ল'ৰা- ছোৱালী কেইটিয়ে এতিয়াও মোক সিহঁতৰ মনৰ দুখ ঢাকি আৱৰি ৰাখিছে.. ৰাজহুৱা ক্ষেত্ৰত আস্থাই কিবা এটা ভুল কৰিছে যদিও সেয়া ইচ্ছাকৃত নহয়। আপোনালোকে শুদ্ধৰাই দিব, প্ৰথম বুলি ক্ষমা কৰিব । সৰু ছোৱালী, তাই শিকিব 🙏🙏

এতিয়া আমাক এটাই উত্তৰ লাগে,, ১৯ ছেপ্টেম্বৰত কি ঘটিছিল?"

সমান্তৰালকৈ পালমীয়ে নিজ  সামাজিক মাধ্যমত লিখে, "যতীন দাৰ (যতীন বৰা)ছোৱালী আস্থা দাদাৰ বৰ মৰমৰ আছিল, দাদাক তাহাঁতৰ generation টোৱে জুবিন দা নহলে জুবিন মাতিছিল, তেনেকৈ তেওঁ নৱ প্ৰজন্ম টোৰ লগত connected feel কৰিছিল।  নিষ্কলুষ মৰম চেনেহবোৰ আমি তেনেকৈয়ে থাকিবলৈ দিওচোন 🙏🏻 ( তাই অজানিতে কোৱা কিবা কথাই যদি আপোনালোকৰ মনত দুখ দিছে, তাইক অনুজ বুলি বাট দেখুৱাব, কিন্তু please খং নকৰিব 🙏) #JusticeForZubeenGarg"

ৰাইজক আস্থাক ভুল নুবুজিবলৈ আহ্বান জনাই গৰিমাই। লগতে ৰাজহুৱা ক্ষেত্ৰত আস্থাই ভুল কৰিছে যদি সেয়া ইচ্ছাকৃত নহয় বুলিও উল্লেখ কৰিছে পালমীয়ে। জুবিন গাৰ্গে যতীন বৰাৰ সন্তানৰ লগতে ৰাজেশ ভূঞা,ৰাজা সকলোৰে সন্তানক নিজেই জুবিন-গৰিমা বুলি সম্বোধন কৰিব দিছিল বুলিও স্পষ্ট কৰে গৰিমাই। অৱশ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত এই পৰ্যন্ত কোনো মন্তব্য কৰা নাই আস্থা অথবা তেওঁৰ পিতৃ-মাতৃয়ে।

WhatsApp Image 2025-11-01 at 9.49.09 AM

যতীন বৰা জুবিন