বুকুত সাহস গোটাই গৰিমা শইকীয়া গাৰ্গে চালে 'ৰৈ ৰৈ বিনালে'

অৱশেষত বুকুত সাহস গোটাই স্বামী জুবিন গাৰ্গৰ চিনেমা 'ৰৈ ৰৈ বিনালে' উপভোগ কৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। লগতে ভগ্নী পামী বৰঠাকুৰেও কেলভিন গোল্ড চিনেমাত ছবিখন উপভোগ কৰে। 

author-image
Asomiya Pratidin
New Update
98

ডিজিটেল ডেস্ক : অৱশেষত বুকুত সাহস গোটাই স্বামী জুবিন গাৰ্গৰ চিনেমা 'ৰৈ ৰৈ বিনালে' উপভোগ কৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। লগতে ভগ্নী পামী বৰঠাকুৰেও কেলভিন গোল্ড চিনেমাত ছবিখন উপভোগ কৰে। 

জুবিন গাৰ্গৰ বিয়োগত ভাগি পৰা গৰিমা তথা ভগ্নী পামীয়ে ছবিখন উপভোগ কৰি শোকত ম্ৰিয়মাণ হৈ পৰে। দৰ্শনীৰ শেষত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত গৰিমাই কয়- আজি তেওঁ থকা হ’লে মই অধিক সুখী হ’লোহেঁতেন। ৰাইজে ৰৈ ৰৈ বিনালেক ইমান মৰম দিছে, এইখন জুবিনৰ সপোনৰ প্ৰজেক্ট আছিল। 

চিনেমাখন চাবলৈ মই বুকুত অজস্ৰ সাহস গোটাব লগা হৈছে বুলি গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰে। একেদৰে কেলভিন গোল্ডত গৰিমাৰ সৈতে একেলগে ছবিখন উপভোগ কৰে যতীন বৰা, প্ৰাঞ্জল শইকীয়া, পাৰ্থ সাৰথি মহন্ত আদিয়ে। 

উল্লেখ কৰা প্ৰয়োজন যে, চিনেমাখনৰ দৰ্শনী আৰম্ভ হোৱাৰ আগেয়ে আটায়ে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰে।

গৰিমা গাৰ্গ