/asomiyapratidin/media/media_files/2025/11/18/whatsapp-image-20-2025-11-18-09-06-50.jpeg)
ডিজিটেল ডেস্কঃ প্রাণৰ শিল্পীৰ অনাকাংক্ষিত অবৰ্তমানত তেওঁৰ আজি প্রথমটো জন্মদিন। ৰাজ্যজুৰি গুণমুগ্ধই পালন কৰিছে মহানায়ক জুবিন গাৰ্গৰ ওপজা দিন। গীতে-মাতে সকলোৱে সোঁৱৰণ কৰিছে জুবিন গাৰ্গক।
স্বামীক সুঁৱৰি নিশাই সামাজিক মাধ্যমত আৱেগিক পোষ্ট দিয়ে পত্নী গৰিমা গাৰ্গেও। জুবিন গাৰ্গৰ কেইমান ফটোৰে তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে গৰিমাই। গৰিমাই লিখিছে- "এই জনমৰ পৰা জন্মান্তৰলৈকে আমি আমাৰ কাহিনী লিখি যাম Goldie...Happy birthday ! কুশলে থাকা"।
গৰিমা গাৰ্গৰ এই পোষ্টৰ পাছতে আৱেগিক হৈ পৰে অনুৰাগী সকল। সমান্তৰালকৈ ভাতৃক সুঁৱৰি ফেচবুকত পোষ্ট দিয়ে জুবিন ভগ্নী পামী বৰঠাকুৰে। তেওঁ লিখে -"Last year, this day! আমাক ইমান মৰমেৰে সাৱটি ৰাখিছিলি! বৰ কষ্ট হৈছে তোক আজি নেদেখি। সহিব পৰা নাই! ক'ত আছ নেজানো....ভালে থাকিবি, এইবাৰ কাকো বিশ্বাস নকৰিবি! #JusticeForZubeenGarg"।
আনহাতে জুবিন গাৰ্গৰ জন্মদিনৰ প্ৰাকক্ষণত সোমবাৰে নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত শতাধিক লোকে শ্ৰদ্ধা নিবেদন কৰে শিল্পীগৰাকীলৈ । লাখ লাখ অনুৰাগীয়ে জুবিন গাৰ্গৰ 'মায়াবিনী' গীতেৰে জীপাল কৰি তোলে পৰিৱেশ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us