গড়গাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা সম্পন্ন

"শিক্ষাৰ্থীসকলে শিক্ষা জীৱনৰ অমূল্য সময়খিনি সদ্ ব্যৱহাৰ কৰিলে ভৱিষ্যত উজ্জ্বল হৈ পৰে। যাৰ দ্বাৰা নিজৰ জীৱন- জীৱিকা-সমাজ সকলো ক্ষেত্ৰতে প্ৰতিষ্ঠা লাভ কৰিব পৰে।"

author-image
Asomiya Pratidin
New Update
100

ডিজিটেল সংবাদ, শিৱসাগৰ : "শিক্ষাৰ্থীসকলে শিক্ষা জীৱনৰ অমূল্য সময়খিনি সদ্ ব্যৱহাৰ কৰিলে ভৱিষ্যত উজ্জ্বল হৈ পৰে। যাৰ দ্বাৰা নিজৰ জীৱন- জীৱিকা-সমাজ সকলো ক্ষেত্ৰতে প্ৰতিষ্ঠা লাভ কৰিব পৰে।"

শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়াই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ৷ আমন্ত্ৰিত অতিথিৰ ভাষণত ফুকনে  শিক্ষাৰ্থীৰ প্ৰকৃত ৰুচিবোধ, জীৱনবোধ গঠন, শিক্ষাৰ্থীৰ জীৱিকা, সামাজিক দায়বদ্ধতা, সাম্প্ৰতিক পৰিস্থিতি, অসমীয়া জাতি গঠন ইত্যাদিকে ধৰি কেইবাটিও দিশত  নিজৰ অনুভৱ ব্যক্ত কৰে ৷

ফুকনে সদৌ অসম ছাত্ৰ সন্থা শিক্ষাৰ্থীৰ সুৰক্ষিত শিক্ষা জীৱনৰ বাবে সদায় দায়বদ্ধ  বুলি উল্লেখ কৰি সন্থাই শৈক্ষিক উত্তৰণৰ বাবে ‘প্ৰত্যাশা’ দৰে লোৱা কিছুমান যোগাত্মক পদক্ষেপৰ বিষয়েও অৱগত কৰে ৷ উল্লেখযোগ্য যে গড়গাঁও মহাবিদ্যালয়ৰ এই বৰ্ষৰ নৱাগত আদৰণী সভাখন বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷

ছাত্ৰ একতা সভাৰ উদ্যোগত আয়োজিত আদৰণী সভাৰ মুকলি সভাৰ  কাৰ্যসূচী আৰম্ভ হয় বন্তি প্ৰজ্বলনৰ দ্বাৰা ৷ বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি বিমান চন্দ্ৰ বৰুৱাই ৷

ছাত্ৰ একতা সভাৰ সভাপতি অনুৰাগ বড়াই আঁত ধৰা অনুষ্ঠানৰ পৰৱৰ্তী কাৰ্যসূচীত আদৰণী ভাষণ আগবঢ়াই মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ, কবি নিবন্ধকাৰ ড০ সব্যসাচী মহন্তই ৷ আদৰণী ভাষণত ড০ মহন্তই নৱাগতসকলক মহাবিদ্যালয়লৈ অনুষ্ঠানিকভাৱে আদৰণি জনাই মহাবিদ্যালয়খনৰৰ বৰ্ণময় যাত্ৰাৰ ৰূপৰেখা দাঙি ধৰে ৷

WhatsApp Image 2025-08-13 at 9.50.33 PM

ভাষণ প্ৰসংগত অধ্যক্ষ ড০ মহন্তই শিক্ষাৰ্থীসকলক পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে মৌলিক চিন্তাৰ কৰ্ষণ তথা অনান্য সহ-বিদ্যায়তনিক শিক্ষাসমূহ আহৰণত গুৰুত্ব দিয়ে ৷ শিক্ষাৰ্থীসকলক প্ৰকৃত সম্পদৰূপে গঢ় দিয়াত অন্যান্য বিদ্যা আৰু কৌশলসমূহে কেনেদৰে সহায় কৰে তেওঁ সুন্দৰকৈ আলোকপাত কৰে ৷

ড০ মহন্তই নৱাগতসকলক পিতৃ-মাতৃ, মহাবিদ্যালয় তথা সমাজৰ প্ৰতি দায়বদ্ধ হৈ প্ৰকৃত মানুহ হোৱাৰ দিশে আগবাঢ়ি যাবলৈ পৰামৰ্শ আগবঢ়ায় ৷ তেওঁ গড়গাঁও মহাবিদ্যালয়ৰ অগ্ৰগামী যাত্ৰাত নৱাগতসকল অংশীদাৰ হৈ মহাবিদ্যালয়খনক উচ্চ শিক্ষা অন্যতম প্ৰাণকেন্দ্ৰৰূপে প্ৰতিষ্ঠা কৰাত সহযোগী হ’বলৈ আহ্বান জনায় ৷  

WhatsApp Image 2025-08-13 at 9.50.34 PM

সভাত ছাত্ৰ-একতা সভাৰ মুখ্য উপদেষ্টা ড০ দিলীপ কুমাৰ ডেকাই ভাষণ প্ৰদান কৰি নৱাগতসকলক নতুন সময়ৰ লগত খাপ খোৱাই নিজকে বিকাশ সাধন কৰিবলৈ আহ্বান জনায় ৷ নৱাগত আদৰণী সভাত উপাধ্যক্ষ দিগন্ত কোঁৱৰ, শিক্ষক গোটৰ সভাপতি প্ৰণৱ দুৱৰা, কৰ্মচাৰী গোটৰ সভাপতি বিজু ফুকন, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে মানৱ হাজৰিকা, দীপাংকৰ শইকীয়া, মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু কৰ্মচাৰীবৃন্দকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে ৷ 

সভাত বিয়লিলৈ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু আমন্ত্ৰিত শিল্পী কুসুম কৈলাশৰ দ্বাৰা বাৰেৰহণীয়া সংস্কৃতিক এক কাৰ্যসূচী অনু্ষ্ঠিত হয় ৷ য’ত পৰম্পৰাগত বিভিন্ন নৃত্য-গীত প্ৰদৰ্শন কৰা হয় ৷

গড়গাঁও মহাবিদ্যালয়