জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিবলৈ অনুমতি নিদিয়া ’ইন্দাচ টাৱাৰ’ কাৰ্যালয়ত গৰবা নৃত্যৰ আয়োজন...

যি সময়ত সমগ্ৰ অসম তথা বিশ্বৰ কোটি কোটি অনুৰাগী জুবিন গাৰ্গৰ মৃত্যুত ম্ৰিয়মান হৈ আছে, সেই সময়ত খানাপাৰা স্থিত ’ইন্দাচ টাৱাৰ’ শীৰ্ষক এটা ৰাজহুৱা কোম্পানীৰ কায্যালয়ত জুবিন

author-image
Asomiya Pratidin
New Update
fffffffffffffffffffff

ডিজিটেল ডেস্কঃ যি সময়ত সমগ্ৰ অসম তথা বিশ্বৰ সহস্ৰ কোটি অনুৰাগী জুবিন গাৰ্গৰ মৃত্যুত শোকৰ সাগৰত নিমজ্জ্বিত হৈছে, সেই সময়ত খানাপাৰা স্থিত ’ইন্দাচ টাৱাৰ’ শীৰ্ষক এটা ৰাজহুৱা কোম্পানীৰ গাৰ্গৰ মৃত্যুত কায্যত অনুস্থিত নহ'ল কোনো শোক সভা ৷  

অসমৰ সকলো অনুষ্ঠান-প্ৰতিস্থান, দোকান-হাট স্ব-ইচ্চাই চাৰিদিন বন্ধ হৈ ৰ'ল মাথোঁ  অসমৰ হিয়াৰ আমঠুৰ বাবে ৷ অথচ ’ইন্দাচ টাৱাৰ’ কায্যালয়ৰ কৰ্মচাৰীয়ে  শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অনুমতি নাপালে, গুৱাহাটী স্থিত কায্যালয়ৰ সমূহ কৰ্মচাৰী বৃন্দ গৰিহণা- গালিৰ সন্মুখীন হ'ল কোম্পানীৰ মানৱ সম্পদ বিষয়া শ্ৰী বিজয় ঢেকিয়ালৰ পৰা ৷  

এতিয়াও পাৰ হোৱা নাই জুবিন গাৰ্গৰ মাঙ্গলিক কায্য, অথচ জুবিনৰ ১১ দিনীয়া শ্ৰাদ্ধৰ দিনা  ২৯ চেপ্তেম্বৰত  ইন্দাচ টাৱাৰ’ৰ কায্যালয়ত  অনা  অসমীয়া উৎসৱ  ’গৰবা নৃত্য’ পৰ্বৰ আয়োজন হৈছে নৱৰাত্ৰি উপলক্ষে ৷ কায্যালয়ৰ সমূহ কৰ্মচাৰী দীৰ্ঘদিনৰ পৰাই ক্ষোভিত কোম্পানীৰ মানৱ সম্পদ বিষয়া ’ বিজয় ঢেকিয়াল’ৰ স্বৈৰাচাৰী কৰ্মৰ প্ৰতি ৷ 

জুবিন গাৰ্গ