বিলাসী বাইক লৈ বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰে গাঞ্জা বেপাৰী...

গহপুৰ আৰক্ষীৰ অভিযানত বুধবাৰে গাঞ্জাসহ গ্ৰেপ্তাৰ হৈছে চাৰিজন গাঞ্জা সৰবৰাহকাৰী যুৱক। গহপুৰৰ উত্তৰাঞ্চলৰ খেৰনিগেটৰ পৰা গ্ৰেপ্তাৰ হয় যুৱক চাৰিজন। দুখন মটৰ

author-image
Asomiya Pratidin
New Update
yhhhss

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ আৰক্ষীৰ অভিযানত বুধবাৰে গাঞ্জাসহ গ্ৰেপ্তাৰ হৈছে চাৰিজন গাঞ্জা সৰবৰাহকাৰী যুৱক। গহপুৰৰ উত্তৰাঞ্চলৰ খেৰনিগেটৰ পৰা গ্ৰেপ্তাৰ হয় যুৱক চাৰিজন। দুখন মটৰ চাইকেলত চাৰিজনকৈ অৰুনাচল প্ৰদেশ ইটানগৰৰ  যুৱকে কঢ়িয়াই আনিছিল গাঞ্জাখিনি।

বিশেষ সূত্ৰৰ পমখেদি গহপুৰ আৰক্ষীয়ে যুৱক চাৰিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।অৰুণাচলী যুৱক চাৰিজন ক্ৰমে চাৰু ডেনিয়েল,গমিন ইটে,তেলী ৰানিয়া আৰু তেচি কাকু।তেওঁলোকৰ জিন্মাৰ পৰা মুঠ ২ কেজি ৭০০ গ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে।

লগতে এআৰ ০১ ইউ ৮৯৫৬ আৰু এআৰ ০১ আৰ ৯৬৪৪ নম্বৰৰ দুখন মটৰ বাইকো জব্দ কৰে গহপুৰ আৰক্ষীয়ে।

গহপুৰ