/asomiyapratidin/media/media_files/2025/12/16/1-2025-12-16-12-34-41.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছে। বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ঘিলামৰা আৰক্ষীৰ তৎপৰতা আৰক্ষীয়ে এটা গাঞ্জা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইপিনে গাঞ্জা ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰাৰ লগতে ব্যৱসায়ীটোৰ পৰা জব্দ কৰে নিষিদ্ধ গাঞ্জা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/16/0f03c032-cb33-423a-bf11-ced459f39f45-2025-12-16-12-36-35.jpg)
উল্লেখ্য যে, ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত পিতামনি গাঁৱৰ পূৰ্ণ সেনাপতিৰ পুত্ৰ গাঞ্জা ব্যৱসায়ী ৰাজু সেনাপতিৰ ঘৰত নিষিদ্ধ গাঞ্জা মজুত ৰখাৰ গোপন খবৰৰ ভিত্তিত ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত দলৰ নেতৃত্বত ঘিলামৰা আৰক্ষীয়ে চলোৱা অভিযানত গাঞ্জা ব্যৱসায়ী ৰাজু সেনাপতিৰ বাসগৃহৰ পাছফালৰ পৰা এটা প্লাষ্টিকৰ বেগত ভৰাই ৰখা অৱস্থাত প্ৰায় ৪.৭০৭ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বিতৰ্কিত ৰাজু সেনাপতিয়ে দীৰ্ঘদিন ধৰি ঢকুৱাখনা,ঘিলামৰা,সোৱণশিৰি,গোগামুখত নিষিদ্ধ গাঞ্জাৰ এক অবৈধ ব্যৱসায় চলাই অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈ আহিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/16/0f03c032-cb33-423a-bf11-ced459f39f45-2025-12-16-12-36-57.jpg)
আৰক্ষীৰ চকুত ধূলি দি এই অবৈধ ব্যৱসায় চলাই অহা ৰাজু সেনাপতি শেহতীয়াকৈ ঘিলামৰা আৰক্ষীৰ জালত। আৰক্ষীয়ে ধৃত ৰাজু সেনাপতিক জেৰা চলাই এক গোচৰ পঞ্জীয়ন কৰে। সম্প্ৰতি ঘিলামৰা থানাৰ আলহী সেনাপতিৰ জিম্মাৰ পৰা উদ্ধাৰ হোৱা নিষিদ্ধ সামগ্ৰীৰ নমুনা ফৰেন্সিক গৱেষণাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। ইপিনে ঘিলামৰা আৰক্ষী থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিত দলেৰ তৎপৰতাৰ শলাগ লৈছে ঘিলামৰাৰ সচেতন ৰাইজ আৰু সংগঠনে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us