বিহালীত শিক্ষকৰ অভাৱত গাংমৌথান চৰকাৰী বালিকা মজলীয়া বিদ্যালয়ত ওলমিব ৰাজহুৱা তলা !

যি সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ ঘূণে ধৰা শিক্ষা পৰিকাঠামোটো পুনৰ্নিৰ্মাণ কৰাৰ প্ৰয়াসৰে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, সেইসময়তো বিশ্বনাথ জিলাৰ বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক ৷

author-image
Asomiya Pratidin
New Update
school123

ডিজিটেল সংবাদ, বিহালী : যি সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ ঘূণে ধৰা শিক্ষা পৰিকাঠামোটো পুনৰ্নিৰ্মাণ কৰাৰ প্ৰয়াসৰে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, সেইসময়তো বিশ্বনাথ জিলাৰ বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক ৷ যাৰ ফলত- বিহালী প্ৰাথমিক শিক্ষাখণ্ড অধীনৰ প্ৰাথমিক বিদ্যালয়,মজলীয়া বিদ্যালয়, মধ্য ইংৰাজী বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত দুখীয়া-দৰিদ্ৰ,অকিঞ্চন গ্ৰামাঞ্চলীয় পৰিয়ালৰ শিক্ষাৰ্থীয়ে ভাৰতীয় সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ তথা উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হৈছে ৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৬ বছৰ ৬ মাহ কাল অতিবাহিত কৰি সপ্ত বৈকুণ্ঠৰ শব্দ-ধন্নিৰে সমৃদ্ধ কৰি থৈ যোৱা বিহালীৰ গাংমৌথান এলেকাৰ ঐতিহ্যমণ্ডিত গাংমৌথান চৰকাৰী বালিকা মজলীয়া বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে নাই পৰ্যাপ্ত পৰিমানৰ শিক্ষক ৷ তথ্য অনুসৰি ১৯৩৫ চনত স্থাপিত সময়ছোৱাত ঐতিহ্যমণ্ডিত গাংমৌথান চৰকাৰী মজলীয়া বিদ্যালয়ত ৭ স্থায়ী শিক্ষকৰ পদ খালী হৈ আছে ৷

বিগত সময়ছোৱাত বিদ্যালয়খনত শিক্ষকতা কৰা কেইবাগৰাকী শিক্ষকৰ অৱসৰ গ্ৰহণ আৰু বদলিকৰণৰ ফলশ্ৰুতিত শেহতীয়াভাৱে বিহালীৰ ঐতিহ্যমণ্ডিত গাংমৌথান চৰকাৰী বালিকা মজলীয়া বিদ্যালয়ে শিক্ষকৰ অভাৱত হাহাকাৰ কৰিব লগা পৰিৱেশ-পৰিস্থিতি সৃষ্টি হৈছে ৷ গাংমৌথান অঞ্চলবাসী শিক্ষা সচেতন নাগৰিক সমাজে আক্ষেপৰে কয় যে, যি সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত শিক্ষক নিযুক্তিৰে শিক্ষা ব্যৱস্থা পৰিবৰ্তন কৰা হেতু শিক্ষক নি়যুক্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, সেইসময়তো ঐতিহ্যমণ্ডিত গাংমৌথান চৰকাৰী বালিকা মজলীয়া বিদ্যালয়ত এগৰাকীও শিক্ষক নিযুক্তি নিদিয়াত স্থানীয় ক্ষোভিত হৈ পৰিছে।

অতিদূৰ্ভাগ্যজনক বিষয়টো হ'ল - যিসময়ত ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহৰ উত্থানে ৰাজহুৱাখণ্ডৰ বিদ্যালয়ৰ প্ৰতি প্ৰৱল ভাবুকি কঢ়িয়াই আনিছে সেইসময়তো ৰাজহুৱা খণ্ডৰ বিদ্যালয়ত শিক্ষকৰ অভাৱ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে ৷ সম্প্ৰতি বিহালীৰ শৈক্ষিক পৰিৱেশ এনে পৰ্যায়ত উপনীত হৈছে যে, গাংমৌথান চৰকাৰী বালিকা মজলীয়া বিদ্যালয়ৰ ৮ টা শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সমাজৰ বিদ্যালয়ৰ ৩ গৰাকী শিক্ষকে পাঠদান কৰি আহিছে ৷

আচৰিত বিষয়টো হ'ল- বিদ্যালয়খনৰ এই ৩ গৰাকী শিক্ষকে ৮ টা শ্ৰেণীত পাঠদান কৰাৰ উপৰিও আন-আন চৰকাৰী অথবা বিভাগীয় কাম-কাজো কৰিব লাগে। পিছে তাৰমাজতো ৩ গৰাকী শিক্ষকে অশেষ কষ্ট স্বীকাৰ কৰি অসাধ্যকো সাধন কৰি ছাত্ৰ-ছাত্ৰী সমাজক পাঠদান কৰি উপযুক্ত মানৱ সম্পদ গঢ়া কৰ্মত নিৰন্তৰ লাগি আছে ৷

উল্লেখ্য যে, বিগত ২০০০ চনত গাংমৌথান চৰকাৰী বালিকা মজলীয়া বিদ্যালয় প্ৰধানশিক্ষক লীলাকান্ত শৰ্মাই অৱসৰ গ্ৰহণ কৰাৰ পিছত যোৱা ২৫ বছৰে বিদ্যালয়খনত স্থায়ী প্ৰধান শিক্ষক নাই ৷ প্ৰধানশিক্ষকবিহীন ৰূপালী বৰ্ষত ভৰি দিয়া বিদ্যালয়খন বিদ্যায়তনিক দিশ পৰিচালনাৰ বাবে একাংশ সহকাৰী শিক্ষকে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক দ্বায়িত্ব গ্ৰহণ কৰি যাৱতীয় কাম-কাজ সম্পাদন কৰি ইজনৰ পিছত সিজনে অৱসৰ গ্ৰহণ কৰিছে ৷

অতি তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল- বিগত ২০১৪ চনৰ পৰা ঐতিহ্যমণ্ডিক গাংমৌথান চৰকাৰী বালিকা মজলীয়া বিদ্যালয়ত একমাত্ৰ বিজ্ঞান বিষয়ক সহ শিক্ষকজনে প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰিব লগা হোৱাত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী গণিত আৰু বিজ্ঞানৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ উপৰত উপযুক্ত শিক্ষা পোৱাৰ পৰা বঞ্চিত হৈছে ৷

স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি- ঐতিহাসিক গাংমৌথান চৰকাৰী বালিকা মজলীয়া বিদ্যালয়ৰ বৰ্তমানৰ শিক্ষকে শ্ৰেণীকোঠাৰ পৰা চৰকাৰৰ বিভিন্ন বিভাগীয় দ্বায়িত্ব পালন আৰু শৈক্ষিক কাম-কাজৰ বোজা বহন কৰিব লগা হৈছে। তদুপৰি বিদ্যালয়ৰ ৩ গৰাকী শিক্ষকে শিক্ষকতা কৰাৰ উপৰিও  চকীদাৰৰো দায়িত্ব পালন কৰিব লাগে ৷

যাৰ ফলত বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীয়ে কামৰ হেঁচা আৰু দ্বায়িত্ব পালনৰ প্ৰকোপত পৰি ৮ টা শ্ৰেণীত পাঠদান কৰিবলৈ সময়েই নাপায় ৷ আনহাতে বিগত ১৪ বছৰ দিন ধৰি বিদ্যালয়খনত নিযুক্তি লাভ কৰা নাই এজনো  হিন্দী শিক্ষক। এনে এক অভাৱনীয় পৰিৱেশ-পৰিস্থিতিৰ মাজত বিহালীৰেই নহয় উত্তৰ অসমৰ অন্যতম ঐতিহাসিক অঞ্চলৰ একমাত্ৰ চৰকাৰী বালিকা বিদ্যালয়খনত প্ৰধান শিক্ষকৰ পদকে ধৰি ৭ টা স্থায়ী শিক্ষকৰ পদ আৰু দুটা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ খালী হৈ আছে ৷

প্ৰণিধানযোগ্য যে, চলিত মাহত ৰাজ্য চৰকাৰে কেইবাহাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিছিল যদিও আশা কৰা অনুসৰি গাংমৌথানবাসীৰ সপোন পূৰণ নহ'ল। এইবেলিও শিক্ষক নি়যুক্তি লাভৰ পৰা বঞ্চিত হ'ল বিদ্যালয়খন ৷

অৱশেষত উপায়ন্তৰ গাংমৌথানবাসীয়ে অতি দুখ, ক্ষোভ আৰু বেদনাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাক বিহালীৰ ঐতিহ্যমণ্ডিত গাংমৌথান চৰকাৰী বালিকা মজলীয়া বিদ্যালয়ত সৃষ্ট শিক্ষক অভাৱ-সমস্যা তথা খালী পদ পূৰণ কৰি বিদ্যালয়খনৰ গৰিমা অক্ষুন্ন ৰাখিৱলৈ দাবী জনাইছে ৷ যদি অতিশীঘ্ৰে বিদ্যালয়খনত অধ্যয়নৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ জীৱন ভেঁটি গঢ়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় আৰু উপযুক্ত শিক্ষা প্ৰদানৰ বাবে শিক্ষা নীতি অনুসৰি শিক্ষক নিযুক্তি ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে স্থানীয় গঞাঁ ৰাইজে ঐতিহ্যমণ্ডিত গাংমৌথান চৰকাৰী বালিকা মজলীয়া বিদ্যালয়ৰ গেটত তলা ওলোমাই দিয়াৰো হুংকাৰ দিছে ৷

শিক্ষক