হাতে হাতে লাঠি লৈ গণেশগুৰিত নিশা কিন্নৰৰ উদ্ভণ্ডালিঃ যুৱকক প্ৰহাৰ...

গুৱাহাটীত হ্ৰাস হোৱা নাই কিন্নৰৰ উদ্ভণ্ডালি। বুধবাৰে নিশা একাংশ কিন্নৰে হাতে হাতে লাঠি লৈ চৰম উদ্ভণ্ডালি কৰাৰ লগতে গণেশগুৰি উৰণ সেতুৰ তলত যুৱককো প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে

author-image
Tushar Pratim
New Update
হাতে হাতে লাঠি লৈ গণেশগুৰিত নিশা কিন্নৰৰ উদ্ভণ্ডালিঃ যুৱকক প্ৰহাৰ...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত হ্ৰাস হোৱা নাই কিন্নৰৰ উদ্ভণ্ডালি।মহানগৰীৰ গণেশগুৰিত বুধবাৰে নিশা একাংশ কিন্নৰে হাতে হাতে লাঠি লৈ চৰম উদ্ভণ্ডালি কৰাৰ লগতে গণেশগুৰি উৰণ সেতুৰ তলত যুৱককো প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। 

উল্লেখ্য যে, যোৱা কেইটামান দিনত মহানগৰীৰ বিভিন্ন ট্ৰেফিক পইণ্টত কিন্নৰৰ উপস্থিতি কিছু হ্ৰাস হোৱা দেখা গৈছিল যদিও পুনৰ এইদৰে মুকলিকৈ নিশা উদ্ভণ্ডালি চলোৱা কাৰ্যই চিন্তিত কৰি তুলিছে। নিশাৰ ঘটনাৰ কিছু ভিডিঅ’ত দেখা গৈছে হাতে হাতে লাঠি লোৱা কিন্নৰৰ দলটোৱে ৰাজপথৰে গৈ থকা বাহনকো ৰখাই বাহনৰ চালক, যাত্ৰীক অশ্লীল গালি-গালাজ কৰাৰ লগতে মাৰিবলৈ উদ্যত হৈ পৰিছে।

যোৱা কিছুদিন ধৰি গণেশগুৰিত চলি থকা অবৈধ কাম-কাজৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। নিশা ডিচিপি মৃণাল ডেকাৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দলে অভিযান চলাই বহুকেইজনকে অসামাজিক কাম-কাজত লিপ্ত থকাৰ অভিযোগত আটক কৰিছিল। তাৰ মাজত আছিল কিন্নৰো।

আশা কৰা হৈছিল আৰক্ষীৰ এনে কঠোৰ স্থিতিত নিশাৰ মহানগৰী সুৰক্ষিত হৈ থকাৰ লগতে বিভিন্ন অপৰাধজনিত ঘটনা আৰু অসামাজিক কাম-কাজৰ অৱসান ঘটিব। কিন্তু তাৰ পাছতো বুধবাৰৰ নিশাৰ এই ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে। 

স্মৰ্তব্য, গুৱাহাটী মহানগৰীত যোৱা কেইটামান বছৰত কিন্নৰৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছিল। হিন্দীভাষী এই কিন্নৰসকলে ইফালে জালুকবাৰী, আদাবাৰীৰ পৰা আৰম্ভ কৰি আনফালে খানাপাৰা, বশিষ্ঠকে ধৰি গুৱাহাটীৰ মাজমজিয়াৰ সকলো বাছ ষ্টপেজতেই ভিৰ কৰি সাধাৰণ ৰাইজক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছিল। 

কিন্তু যোৱা কেইটামান মাহত গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ ট্ৰেফিক পইণ্টসমূহত এনে কিন্নৰৰ উপস্থিতি হ্ৰাস পাইছিল। ইফালে নিশা মহানগৰীৰ গণেশগুৰিকে ধৰি বিভিন্ন প্ৰান্তত বৃদ্ধি পাবলৈ ধৰা কিন্নৰৰ মাজত অসমীয়াভাষী কিন্নৰৰো সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। 

বহুতেই সন্দেহ কৰা অনুসৰি ইয়াৰে কিছু অংশ জন্মগতভাৱেই কিন্নৰ যদিও গৰিষ্ঠ সংখ্যকেই এতিয়া সহজ ধনৰ লালসাত কিন্নৰৰ দৰে আচৰণ, অভিনয় কৰি বিভিন্ন অসামাজিক কামত লিপ্ত হৈছে। আটাইতকৈ চিন্তিতিত বিষয় হ’ল এইসকল কিন্নৰৰ ব্যৱহাৰৰ সন্মুখত কোনো সভ্য মানুহেই ৰৈ থাকিব নোৱাৰে। তাৰেই সুযোগ গ্ৰহণ কৰিছে এইসকলে। 

এনে পৰিস্থিতিত কিন্নৰৰ উদ্ভণ্ডালি হ্ৰাস কৰিবলৈ মহানগৰীৰ আৰক্ষীয়ে যে আৰু অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব সেয়া স্পষ্ট হৈ পৰিছে। 

গণেশগুৰি অপৰাধ