নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতালৰ অধ্যক্ষ গণেশ তামুলীলৈ প্ৰেৰণাদায়ক ৰাষ্ট্ৰীয় বঁটা প্ৰদান

যোৱা ১৩ ডিচেম্বৰত নতুন দিল্লীৰ ৰেডিচন ব্লু হোটেলত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতালৰ অধ্যক্ষ গণেশ তামুলীক প্ৰেৰণাদায়ক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ বিশিষ্ট সমাজকৰ্মী তথা নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতাল,যোৰাবাটৰ অধ্যক্ষ গণেশ তামুলীলৈ সামাজিক আৰু সুলভ স্বাস্থ্য সেৱাৰ কামৰ বাবে  ২০২৪-২৫ বৰ্ষৰ প্ৰেৰণাদায়ক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়।নতুন দিল্লীৰ গল্ডেন স্পেৰও নামৰ এটি ৰাষ্ট্ৰীয় সংস্থাই এই  বঁটা প্ৰদান কৰে।

b14da594-024b-42f0-8b0d-3d397123a3bf

উল্লেখ্য যে,সামাজিক কাম কাজত জড়িত হৈ ৰাইজৰ বিভিন্ন উন্নয়ন মূলক কামত নিজৰ হাতৰ ধন ব্যয় কৰি নিয়াৰিকে কাম সম্পাদনা  কৰাৰ উপৰিও স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত,দুৰ্গত জনক সহাঁয়ৰ হাত আগবঢ়োৱা গণেশ তামুলী নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতালৰ লগতে বৰ্তমান নলবাৰী নৱদ্বীপ হস্পিতালৰ অধ্যক্ষ পদ অলংকৃত কৰি আছে। 

WhatsApp Image 2025-12-15 at 11.57.15 AM

যোৱা ১৩ ডিচেম্বৰত নতুন দিল্লীৰ ৰেডিচন ব্লু হোটেলত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতালৰ অধ্যক্ষ গণেশ তামুলীক এই  প্ৰেৰণাদায়ক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে । এই বঁটা প্ৰদান কৰে বেডমিণ্টনৰ অলিম্পিক পদত বিজয়ী আৰু পদ্মভূষণ বঁটা বিজয়ী ছাইনা নেহৱালে। উক্ত বঁটা লাভ কৰা গণেশ তামুলীক বিভিন্ন দল-সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানে ব্যক্তি বিশেষে শুভেচ্ছা জ্ঞাপন কৰাও পৰিলক্ষিত হয় । 

image (48)

গণেশ তামুলী নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতালৰ অধ্যক্ষ