পলাশবাৰীৰ ৰঙামাটি ৰাইজ গয়ৰহৰ গণেশ পূজা সম্পন্ন

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানৰ ৰঙামাটি ৰাইজ গয়ৰহৰ উদ্যোগত বৃহস্পতিবাৰে দিনজোৰাকৈ অনুষ্ঠিত কৰা হয় গণেশ পূজা। এই পূজা উপলক্ষে যোৱা নিশা গীত নৃত্যৰ লগতে যাত্ৰাভিনয় মঞ্চস্থ কৰা হয়।

author-image
Asomiya Pratidin
New Update
684

ডিজিটেল সংবাদ, মিৰ্জা : পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানৰ ৰঙামাটি ৰাইজ গয়ৰহৰ উদ্যোগত বৃহস্পতিবাৰে দিনজোৰাকৈ অনুষ্ঠিত কৰা হয় গণেশ পূজা। এই পূজা উপলক্ষে যোৱা নিশা গীত নৃত্যৰ লগতে যাত্ৰাভিনয় মঞ্চস্থ কৰা হয়।

WhatsApp Image 2026-01-23 at 8.18.28 PM

নিশা এই ৰাইজ গয়ৰহৰ এগৰাকী বিষয়ববীয়া হেমন্ত ৰাভাৰ পৰিচালনাত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত ৰাইজ গয়ৰহৰ এগৰাকী বিষয়ববীয়া তথা বঁটা দাতা প্ৰদীপ দাসে ভাষণ প্ৰদান কৰি শ্ৰীশ্ৰী গণেশ বাবালৈ প্ৰণিপাত জনায়।

WhatsApp Image 2026-01-23 at 8.18.28 PM

তেওঁ ৰাইজ গয়ৰহৰ মাজত যাতে শান্তি সম্প্ৰীতি অটুট থাকে তাৰেই কামনা কৰে। এই অনুষ্ঠানত অঞ্চলটোৰ ৰাইজ গয়ৰহৰ বহু কেইজন বিশিষ্ট ব্যক্তি,দাতা আদিৰ উপৰি ভাৰ্গবেন্দু নাট্য দল প্ৰযোজকদ্বয় তপন কলিতা আৰু পবিত্ৰ কলিতাকো সম্বৰ্ধনা জনায় ৰাইজে। উল্লেখ যে, আমৰাঙা-বৰিহাটৰ ভার্গবেন্দু নাট্য দলে ছয়গাঁৱৰ ৰাস মহোৎসৱত সদৌ অসম ভিত্তিত অনুষ্ঠিত যাত্রাভিনয় প্রতিযোগিতাত শ্রেষ্ঠ নাট্য দলৰ খিতাপ লাভ কৰে। এই নাট্যদলটোৰ দ্বাৰা যোৱা নিশা বাগানৰ ৰঙামাটিত ডিম্পল দাসৰ ৰচনা আৰু পৱন মহন্তৰ পৰিচালনাত 'যুগ সন্ধি' নাটখনি মঞ্চস্থ কৰা হয়।

নাটখনিৰ চৰিত্ৰত মুনীন্দ্ৰ কুমাৰ দাস,মদন তালুকদাৰ,শ্যাম দাস,বেদান্ত দাস, ৰিংকু দাস, জ্যোতিষ দাস, ৰাহুল দাস, কিশোৰ দাস,যাদৱ কাকতি,ঋতু দাস, প্রতিভা ৰাণী খনিকৰ,মাজনী দাসকে ধৰি বহুকেইজন যাত্ৰাভিনেতাই নাট পৰিৱেশন কৰে। লগতে এখনি নীলা চাদৰ নামৰ নৃত্য নাটিকাও মঞ্চস্থ কৰে।  

পলাশবাৰী