গনেশ নগৰ ৰাজহুৱা বৰনামঘৰৰ সোণালী জয়ন্তী বর্ষ

পুৱা ধৰ্মধ্বজা উত্তোলন কৰে বিশিষ্ট লেখক আৰু সমাজকর্মী দাসোৰাম কলিতাই। এখন সুস্থ, শান্ত আৰু অগ্নগামী সমাজ গঠনৰ বাবে নৱ প্ৰজন্মক আধ্যাত্মিক চিন্তা ধাৰাৰে উদ্বুদ্ধ কৰাত গুৰুত্ব আৰোপ কৰে বিশিষ্ট সমাজকর্মীগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
অগ্ৰণী খবৰ

ডিজিটেল সংবাদ, গুৱাহাটী : সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে বশিষ্ঠৰ গনেশ নগৰ ৰাজহুৱা বৰ নামঘৰে। দেওবাৰে মাংগলিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে শুভাৰম্ভ কৰা হয় সোণালী জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যসূচীৰ।

Advertisment

পুৱা ধৰ্মধ্বজা উত্তোলন কৰে বিশিষ্ট লেখক আৰু সমাজকর্মী দাসোৰাম কলিতাই। এখন সুস্থ, শান্ত আৰু অগ্নগামী সমাজ গঠনৰ বাবে নৱ প্ৰজন্মক আধ্যাত্মিক চিন্তা ধাৰাৰে উদ্বুদ্ধ কৰাত গুৰুত্ব আৰোপ কৰে বিশিষ্ট সমাজকর্মীগৰাকীয়ে।

কাৰ্যসূচীৰ লগত সংগতি ৰক্ষা কৰি শুদ্ধসলি অনুষ্ঠান মুকলি কৰে গনেশ নগৰ ৰাজহুৱা বৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি দুর্লভ চন্দ্র ভূঞাই। নামঘৰভাগিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা সকলোকে শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।

সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান উপলক্ষে উষা কীর্তন, সাংস্কৃতিক তথা নগৰ কীৰ্তনৰো আয়োজন কৰা হয়। প্রদর্শন কৰা হয় গায়ন-বায়ন। আয়তী সকলে পৰিবেশ কৰে দিহা নাম। সন্ধিয়ালৈ প্ৰজ্বলন কৰা হয় ৫০ গছি বন্তি।

নামঘৰ