/asomiyapratidin/media/media_files/2025/08/09/ganesh-gogoi-9-2025-08-09-08-45-29.jpg)
ডিজিটেল সংবাদ মঙলদৈঃ মানৱতাবাদী সংগঠন 'হেল্পিং হেণ্ড সংস্থা' আৰু জে এন কে ডি নিউজ প’ৰ্টেলৰ তৰফৰ পৰা শুকুৰবাৰে সমাজসেৱক, ‘অসমীয়া প্ৰতিদিন’ৰ জ্যেষ্ঠ সাংবাদিক গণেশ দত্তক বিশিষ্ট সমাজকৰ্মী বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে শুকুৰবাৰে ‘হেল্পিং হেণ্ড’ সংস্থাৰ অধ্যক্ষ যতীন্দ্ৰ নাথ কৃষ্ণদাস, সচিব পৰেশ দাস, সদস্য চুমন ৰাজভৰ, সাংবাদিক গণেশ দত্তৰ মঙলদৈ চপাইচৌকাৰ শালৈপাৰাৰ ঘৰলৈ আহি চেলেং, জাপি, গছপুলি, স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰে।
দৰং জিলা মইনা পাৰিজাতৰ সভাপতি এনী ভূঞা ডেকা, বিশিষ্ট সমাজসেৱক উপেন চন্দ্ৰ ডেকা, জিতুমণি চহৰীয়া, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মিনতি হাজৰিকা, সাহিত্য নগৰ সাহিত্য সভাৰ সম্পাদক মীৰা হাজৰিকা, মঙলদৈ জ্ঞান বিকাশ একাডেমীৰ বিষয় শিক্ষয়িত্ৰী তৃষ্ণা হাজৰিকা আদি উপস্থিত থকা এই চমু অনুষ্ঠানত বঁটা প্ৰদান কৰি হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ যতীন্দ্ৰ নাথ কৃষ্ণদাসে কয়- 'দীৰ্ঘদিন ধৰি নিঃস্বাৰ্থ ভাৱে মানৱসেৱা কৰি বহুলোকক সহায়ৰ হাত আগবঢ়োৱা গণেশ দত্ত আমাৰ সকলোৰে আদৰ্শ। মানৱতাবাদী সংগঠন কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ প্ৰধান সচিব, 'আশাৰ আলোক'- মানুহে মানুহৰ বাবে, দৰং, অসমৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত গণেশ দত্তক এই সন্মান দিব পাৰি আমি সুখ অনুভৱ কৰিছো।'
তেওঁ লগতে আমাৰ দুখন হাতৰ এখন নিজৰ কাৰণে ৰাখি আনখন হাত ৰাইজৰ কল্যাণৰ বাবে আগুৱাই দিলে সমাজখন সৰ্বাংগ সুন্দৰ হৈ পৰিব বুলি কয়। উল্লেখ্য যে, অসমৰ চুকে কোণে কৰ্কট ৰোগৰ সজাগতা সভা, বিনামূলীয়া চকু চিকিৎসা শিবিৰ, স্বেচ্ছামূলক ৰক্তদান শিবিৰ আদি কাৰ্যসূচী ৰূপায়ন কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা হেল্পিং হেণ্ড সংস্থাই এই বঁটা যোৱা ২০ এপ্ৰিলত ওদালগুৰিত হোৱা বৰ্ষপূৰ্তি অনুষ্ঠানত তেওঁক প্ৰদান কৰাৰ কথা আছিল যদিও বিশেষ কাৰণত বঁটাপ্ৰাপক গণেশ দত্ত উক্ত অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল। সেয়ে তেওঁক বাসগৃহতে এই বঁটা প্ৰদান কৰা হয়।