কাজিৰঙাত পৰম্পৰাগত হস্তী পূজা

আজি গণেশ চতুৰ্থী ৷ কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত কাজিৰঙাত পৰম্পৰাগত হস্তী পূজাৰ আয়োজন কৰে বনকৰ্মীসকলে ৷

author-image
Asomiya Pratidin
New Update
new ap web ganesh

ডিজিটেল সংবাদ, কাজিৰঙা : আজি গণেশ চতুৰ্থী ৷ কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত কাজিৰঙাত পৰম্পৰাগত হস্তী পূজাৰ আয়োজন কৰে বনকৰ্মীসকলে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ কৰ্তব্যত নিয়োজিত ৬৮ হাতীৰ ভিতৰত পূৰ্ণিমা , লক্ষিমী ,কৰ্ণ পদ্মিনী, জয় আৰু ফুলনকে ধৰি একাংশ হাতীক পূজা আগবঢ়ালে বনকৰ্মীসকলে ৷ গণেশ চতুৰ্থী উপলক্ষে পুৱাই নোৱাইধোৱাই পূজাৰ বাবে পূজাৰ বাবে সাজু কৰা হয় বন বিভাগৰ পোহনীয়া হাতীসমূহ ৷

তাৰপাছতে পিলখানালৈ অনা আঠটা হাতীক আধ্যাত্মিক ৰীতি-নীতিৰে পূজা আগবঢ়াই গণেশ মন্দিৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰোৱা হয় ৷ উল্লেখযোগ্য যে অতীজৰে পৰা বন বিভাগৰ বিষয়া কৰ্মচাৰী সকলে হাতীক গণেশ দেৱতা হিচাপে মান্যতা প্ৰদান কৰি আহিছে ৷

গতিকে পৰম্পৰাগত গণেশ পূজাৰ মাজেৰে পোহনীয়া বা বনৰীয়া সকলো হাতীৰে মংগল কামনা কৰি পূজা আগবঢ়োৱা হয় ৷ আনহাতে হাতী মানুহৰ সংঘাত উপসমৰ বাবে গণেশ দেৱতাৰ ওচৰত প্ৰাৰ্থনা জনাই সকলোৱে ৷

কাজিৰঙা