/asomiyapratidin/media/media_files/2025/08/27/rfff-2025-08-27-07-59-22.jpg)
ডিজিটেল ডেস্কঃআজি গণেশ চতুৰ্থী। সমগ্ৰ ভাৰতৰ লগতে অসমৰ ভিন্ন স্থানতো সিদ্ধিদাতাৰ পূজাৰ ব্যাপক আয়োজন কৰা হৈছে।সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ পৰা ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও। গুৱাহাটীৰ বিভিন্ন স্থানৰ গণেশ মন্দিৰ সমূহৰ লগতে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানসমূহেও আয়োজন কৰিছে গণেশ চতুৰ্থীৰ পূজা, অৰ্চনা।
মহানগৰীৰ গণেশগুৰি গণেশ মন্দিৰৰ পৰা আদি কৰি গুৱাহাটীৰ বিবিন্ন গণেশ মন্দিৰত পুৱাই সিদ্ধিদাতাৰ পূজা-অৰ্চনাত ব্যস্ত হৈছে অগণন ভক্ত। কেৱল মন্দিৰতে নহয়, দেশৰ প্ৰায় বিলাক ব্যৱসায়িক প্ৰতিস্থান আদিতো গণেশ চতুৰ্থী উদযাপনৰ ব্যাপক যো–জা চলিছে।
গণেশ চতুৰ্থী হৈছে হিন্দু দেৱতা গণেশৰ বাৰ্ষিক উপাসনা উৎসৱ।হিন্দু ধৰ্মত শিৱ আৰু পাৰ্বতীৰ পুত্ৰ গণেশক বুদ্ধিমত্তা, সমৃদ্ধি আৰু সৌভাগ্যৰ সৰ্বোচ্চ দেৱতা হিচাপে গণ্য কৰা হয়।বিশ্বাস অনুসৰি, এই বিশেষ দিনটোত ভগৱান গণেশ তেওঁৰ ভক্তসকলৰ আকাংক্ষা পূৰণ কৰিবলৈ পৃথিৱীলৈ নামি আহে।
এই উৎসৱ প্ৰতি বছৰে ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তাৰিখে পালন কৰা হয় ৷ এইবাৰ ২০২৫ চনৰ ২৭ আগষ্টৰ পৰা ৬ ছেপ্টেম্বৰলৈকে গণেশ চতুৰ্থী উৎসৱ পালন কৰা হ’ব ৷ ভাৰতৰ বাহিৰেও এই উৎসৱ নেপালত উদযাপন কৰা হয়। শ্ৰীলংকাৰ তামিল হিন্দুসকলেও গণেশ চতুৰ্থী উদযাপন কৰে। গণেশ চতুৰ্থী ভগৱান গণেশৰ জন্ম জয়ন্তী হিচাপে পালন কৰা হয়।
গণেশ উৎসৱৰ আৰম্ভণিতে গণেশৰ মূৰ্তি ঘৰলৈ আনি বা মন্দিৰত খুব ধুনীয়াকৈ সজোৱা হয়। প্ৰাণপ্ৰতিষ্ঠাৰ দ্বাৰা গণেশ চতুৰ্থীৰ পূজা আৰম্ভ হৈ ৰীতি-নীতি-নিয়মৰ মাজৰে গণেশৰ উপাসনা কৰা হয়। বৈদিক স্তোত্ৰৰ উচ্চাৰণত গণেশক ৰঙা চন্দন, হালধীয়া আৰু ৰঙা ফুলেৰে অভিষিক্ত কৰা হয়। গণেশক নাৰিকল, গুড় আৰু ২১ টা মোদক (মিঠাই ) আগবঢ়োৱা হয়, যাক গণেশৰ প্ৰিয় খাদ্য বুলি গণ্য কৰা হয়।
১০ দিনীয়া এই উৎসৱৰ শেষৰ দিনটোক অনন্ত চতুৰ্দশী বুলি জনা যায়। এই দিনটোতে ঢোল, ভক্তিমূলক গীত আৰু নৃত্যৰ সৈতে এক বিশাল শোভাযাত্ৰা কৰি স্থানীয় নদীত ভক্তসকলে গণেশৰ মূৰ্তি বিসৰ্জন দিয়ে। গণেশ চতুৰ্থী উত্সৱ প্ৰথম কেতিয়া বা কেনেদৰে পালন কৰা হৈছিল, তাৰ কোনো সঠিক তথ্য নাই। তথাপিও শিৱাজীৰ যুগ অৰ্থাৎ ১৬৩০-১৬৮০ৰ পৰা এই উৎসৱ পুনেত ৰাজহুৱাভাৱে পালন কৰি অহা হৈছে বুলি জনা যায়।