/asomiyapratidin/media/media_files/2025/09/28/sdsdsdsd-2025-09-28-16-09-03.jpg)
ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ অহোপাত গণ সুৰক্ষা পাৰ্টিয়ে সম্বোধন কৰিলে সংবাদমেল। এই সংবাদমেলত বিটিচি নিৰ্বাচনৰ ফলাফলক ৰাইজৰ জনাদেশ বুলি মানি লয় ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টিৰ পৰাজিত প্ৰাৰ্থী ঘনশ্যাম দাসে ।
উল্লেখ্য যে, বিটিচি নিৰ্বাচনত মুঠ ১০ টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল গণ সুৰক্ষা পাৰ্টিয়ে । কিন্তু লক্ষণীয়ভাৱে আটাইকেইটা সমষ্টিতে পৰাজয় বৰণ কৰিবলগীয়া হয় নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টি ।
ইফালে, বিটিচিত নতুনকৈ এককভাৱে চৰকাৰ গঠন কৰিবলৈ ওলোৱা হাগ্ৰামা মহিলাৰীৰ লগতে তেওঁৰ নেতৃত্বাধীন বিপিএফ চৰকাৰখনকো শুভেচ্ছা জ্ঞাপন কৰে অবড়ো সুৰক্ষা সমিতিৰ নেতা জোন দাসে ।