/asomiyapratidin/media/media_files/2025/10/21/27-2025-10-21-17-25-54.jpg)
ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত মঙলবাৰে বোকাখাতত ভাৰতীয় গণ নাট্য সংঘৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলে এক সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলৰ জৰিয়তে সংঘই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰকৃত ন্যায় দাবী কৰে।
উল্লেখযোগ্য যে, আজিৰ এই সংবাদমেলখন সংগঠনটোৰ ৰাজ্যিক সমন্বয়ক সোণেশ্বৰ নৰহৰ আহ্বানত অনুষ্ঠিত হয়। সংবাদমেল সম্বোধন কৰি চৰকাৰৰ শেহতীয়া ভূমিকাক লৈ কেতবোৰ মন্তব্য কৰে নৰহে।
গণ নাট্য সংঘই জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধুৱলি-কুঁৱলী স্থিতিক তীব্ৰ নিন্দা কৰে। একেদৰে কঠোৰ সকিয়নীও প্ৰদান কৰে।
ন্যায় প্ৰক্ৰিয়া খৰতকীয়া নোহোৱা বিষয়টোক লৈও ক্ষোভ উজাৰে সংঘই। আনহাতে বিভিন্ন সভা- সমিতিয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই জুবিন গাৰ্গ সম্পৰ্কে দিয়া ভাষ্যৰো প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
সংবাদমেলত কয়- ন্যায়াধীশৰ দৰে কথা ক'বলৈ মুখ্যমন্ত্ৰীক আমি ন্যায়াধীশ পাতি থোৱা নাই। আমি এতিয়া কৈহে আছো কিন্তু জুবিন গাৰ্গৰ চৰিত্ৰহননৰ দৰে নিকৃষ্ট কাৰ্যৰ পৰা হিমন্ত বিশ্ব শৰ্মা যদি বেকফুটত নাযায় তেনেহ'লে সমগ্ৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগৰ আঙুলি পোনপতিয়াকৈ মুখ্যমন্ত্ৰীলৈ তুলিবলৈ বাধ্য হ'ম।
গতিকে ৰাজনৈতিক স্বাৰ্থৰ বাবে এনে কুঅভিপ্ৰায়ৰ পৰা বিৰত থাকক। অন্যথা আমাৰ অভিযোগৰ আঙুলি পোনপতীয়াকৈ মুখ্যমন্ত্ৰীলৈ যাব। জুবিন গাৰ্গৰ ন্যায় অসমৰ মৌলিক অধিকাৰ ! এয়া দয়া আৰু কৃপাৰ ভিত্তিত নহয়।
তাৰোপৰি ৰাজ্যিক সমন্বয়ক নৰহে জুবিন গাৰ্গৰ চৰিত্ৰহনন কৰি জনমানসত হেয় প্ৰতিপন্ন কৰি জাতীয় আন্দোলন আৰু জাতীয় আবেগক নিস্ক্ৰিয় কৰাৰ কুঅভিসন্ধিৰ পৰা বিৰত থাকিবলৈ মুখ্যমন্ত্ৰীক কঠোৰ সকিয়নী প্ৰদান কৰে। লগতে গণ নাট্য সংঘই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক কোনো ৰাজনৈতিক বা বাহ্যিক প্ৰভাৱৰ বলি নহ’বলৈ আহ্বান জনায়। ন্যায় প্ৰদান নোহোৱালৈকে সংগঠনটোৱে তেওঁৰ সৈতে সম্পূৰ্ণ সংহতিৰ আশ্বাস দিয়ে।
লগতে অপপ্ৰচাৰত বিচলিত নহৈ ৰাইজৰ লগত থাকি ন্যায়ৰ হকে অটল স্থিতিত থাকিবলৈ গৰিমা গাৰ্গলৈ বিনম্ৰ আহ্বান জনাই গণ নাট্য সংঘই। সংবাদমেলতে "সাহসী গৰিমা" আখ্যাৰে জন্মদিনৰ আনুষ্ঠানিক শুভেচ্ছা জনাই ভাৰতীয় গণনাট্য সংঘই।