/asomiyapratidin/media/media_files/2026/01/05/gertetrete-2026-01-05-12-44-33.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ বীৰ গজৰাজ কৰ্পছৰ অংশ ভাৰতীয় সেনাৰ ৰেড হৰ্ণছ বিভাগে দেওবাৰে ওদালগুৰি ষ্টেডিয়ামত প্ৰাক্তন সেনাবাহিনী আৰু তেওঁলোকৰ পৰিয়ালক "সেৱা কা সন্মান" মূলমন্ত্ৰৰে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিশাল প্ৰাক্তন সেনা ৰেলী অনুষ্ঠিত কৰে। এই অনুষ্ঠানত নামনি অসমৰ বিভিন্ন জিলাৰ পৰা চাৰি হাজাৰৰো অধিক প্ৰাক্তন সৈনিক তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যই অংশগ্ৰহণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/whatsapp-image-2026-01-05-12-45-28.jpeg)
গজৰাজ কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ৱাই এছ এমৰ এ ভি এছ এমৰ লেফটেনেণ্ট জেনেৰেল গম্ভীৰ সিঙে অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰসংগত প্ৰাক্তন সৈনিকসকলৰ ত্যাগৰ স্বীকৃতিয়ে দেশ-জাতিলৈ আগবঢ়োৱা সেৱাৰ বাবে প্ৰাক্তন সৈনিক সকলক ধন্যবাদ জনোৱাৰ লগতে তেওঁলোকৰ মংগলৰ বাবে ভাৰতীয় সেনাৰ অদম্য সমৰ্থন পুনৰবাৰ উল্লেখ কৰে। এই উপলক্ষে বিশেষভাৱে সক্ষম প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ নিৰ্ভৰশীলসকলক ট্ৰাই স্কুটাৰ, হুইলচেয়াৰ আৰু চিকিৎসা সঁজুলি প্ৰদান কৰাৰ লগতে শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনায় গজৰাজ কৰ্পছৰ এ ডব্লিউ ডব্লিউ এৰ অধ্যক্ষ শ্ৰীমতী ৰাজ গম্ভীৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/whatsapp-image-2026-01-05-12-44-51.jpeg)
উক্ত অনুষ্ঠানত এইমছ, গুৱাহাটীৰ বিশেষজ্ঞৰ সৈতে মেডিকেল এণ্ড ৱেলনেছ শিবিৰত আধুনিক সঁজুলিৰে গুণগত চিকিৎসা কৰা হয়। প্ৰতিৰক্ষা একাউণ্ট (পেঞ্চন)ৰ প্ৰধান নিয়ন্ত্ৰক আৰু বিভিন্ন ৰেকৰ্ড অফিচ, স্পাৰ্চ, ইউআইডিএআইৰ দ্বাৰা আধাৰ উন্নীতকৰণ কাউণ্টাৰৰ প্ৰতিনিধিৰ দ্বাৰা অভিযোগ নিৰাময়, এছবিআই, আইডিএফচি আৰু এক্সিছ বেংকৰ দৰে আগশাৰীৰ বেংকৰ বিত্তীয় পৰামৰ্শৰ দ্বাৰা ইএছএমক তেওঁলোকৰ সমস্যা সমাধানত সহায় কৰিবলৈ এটা শাখাও স্থাপন কৰা হয়। বিভিন্ন চৰকাৰী বিভাগৰ প্ৰতিনিধি & Skill development mission ৰ দ্বাৰা Informative Kiosks সমূহতো জিলা প্ৰশাসনৰ দ্বাৰা কৰ্মচাৰী নিযুক্তি দিয়া হৈছিল যাতে ই এছ এম সমূহক বিভিন্ন নিয়োগৰ সুযোগৰ বিষয়ে সচেতন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/whatsapp-image-202-2026-01-05-12-45-08.jpeg)
এই সমাৱেশত কেৱল পেঞ্চন সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়াই নহয়, প্ৰাক্তন সৈনিকসকলক আৰ্থিক আৰু নিয়োগ দিশৰ নিৰ্দেশনাও প্ৰদান কৰা হয়। আজিৰ এই পদক্ষেপৰ দ্বাৰা প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালক সন্মান আৰু সহায় কৰাৰ লগতে সমাজত তেওঁলোকে সঠিক স্বীকৃতি আৰু সমৰ্থন লাভ কৰাটো নিশ্চিত কৰাৰ বাবে গজৰাজ কৰ্পছৰ অটল প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/whatsapp-image-2026-01-05-12-46-02.jpeg)
উল্লেখযোগ্য যে, অসামৰিক প্ৰশাসনৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে চলোৱা সকলো পদক্ষেপৰ সৈতে সামৰিক অসামৰিক সংযোজনৰ এক যগান্তকাৰী উদাহৰণ আছিল এই সমাৱেশ। অনুষ্ঠানটোত অতিথি হিচাপে জিলা আয়ুক্ত পুলক পাটগিৰি, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ লগতে সেনাৰ কেইৱাগৰাকীও বিষয়া উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us