/asomiyapratidin/media/media_files/2025/09/02/tea-2025-09-02-19-32-14.jpg)
ডিজিটেল সংবাদ,ছয়দুৱাৰঃ গহপুৰ সমজিলাৰ অন্তৰ্গত বহুজাতিক চাহ কোম্পানী নয়া ঘগৰা চাহ বাগিচাই চাহ শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ উত্থাপন হৈছে। মেকলিয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ বাগিচাখনৰ চিকিৎসালয়ত ম্যাদ ওকলা দৰৱেৰে ৰোগীৰ চিকিৎসা কৰোৱাৰ ঘটনা পোহৰলৈ আহিছে।
নয়া ঘগৰা চাহ বাগিচাৰ চিকিৎসালয়খনত চিকিৎসাৰ নামত সংঘটিত হৈ থকা এই অনিয়ম মঙলবাৰে ধৰা পেলাই স্থানীয় ছাত্র সংগঠনৰ কেইজনমান সদস্যই। জানিব পৰা মতে, বাগিচা খনৰ সহজ সৰল চাহ শ্ৰমিক সকলৰ অজ্ঞতা আৰু সৰলতাৰ সুযোগ লৈ বাগিচা কৰ্তৃপক্ষই চিকিৎসাৰ নামত লৰা ধেমালি খেলিবলৈ লয়।বাগিচাৰ চিকিৎসালয়লৈ চিকিৎসা বিচাৰি যোৱা চাহ শ্ৰমিক সকলক ম্যাদ ওকলা ঔষধৰ জৰিয়তে চিকিৎসা কৰি অহাৰ তথ্য ৰাজহুৱা হৈ পৰাৰ পিছত সমগ্র গহপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
আনহাতে, আন এক অভিযোগ অনুসৰি চিকিৎসালয়খনত এগৰাকী ৰোগীক দিয়া হয় ২০২৪ চনৰ ১২ ডিচেম্বৰত ম্যাদ ওকলা এটা চেলাইন। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে চৰকাৰী ভাৱে বিনামূলীয়াকৈ যোগান ধৰা Dextrose Injection IP(5% W/V) নামৰ আধা লিটাৰৰ চেলাইন বটলটোত ২০২২ চনৰ জানুৱাৰী মাহত তৈয়াৰ কৰা আৰু ২০২৪ চনৰ ডিচেম্বৰ মাহত ম্যাদ ওকলা বুলি উল্লেখ থকাৰ পিছতো বাগিচা খনৰ চিকিৎসা কৰ্মীয়ে ৰোগীৰ দেহত প্ৰয়োগ কৰা বিষয়টোৱে আচৰিত কৰি তুলিছে সকলোকে।
ইফালে, কৰ্তব্যৰত নাৰ্চগৰাকীয়ে এয়া ষ্টৰ কিপাৰৰ ভুল বুলি কৈ নিজে নিৰাপদ দূৰত্বত অৱস্থান কৰিবলৈ চেষ্টা কৰিছে যদিও এইক্ষেত্ৰত স্থানীয় ৰাইজ অলপো আশ্বস্ত হ'ব পৰা নাই। বাগিচাখনৰ চাহ শ্ৰমিক সকলে এইক্ষেত্ৰত এক দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তৰ পোষকতা কৰাৰ লগতে দোষীক উপযুক্ত শাস্তিৰ দাবী জনাইছে।