/asomiyapratidin/media/media_files/2026/02/25/4-2026-02-25-16-36-55.jpg)
ডিজিটেল সংবাদ,গহপুৰঃ আছে গৰু নাবায় হাল,থকাতকৈ নথকাই ভাল।এই আপ্তবাক্যশাৰী এতিয়া পূৰামাত্ৰাই প্ৰযোজ্য হৈছে গহপুৰ আৰক্ষী থানাৰ ক্ষেত্ৰত। নিধিৰাম চৰ্দাৰৰূপী গহপুৰ আৰক্ষীৰ নাকৰ তলত সংঘটিত হৈ অহা ধাৰাবাহিক চুৰি কাণ্ডই গহপুৰ নগৰবাসী ৰাইজক আচৰিত কৰি তোলাৰ লগতে গহপুৰ আৰক্ষীৰ ফোপোলা স্বৰূপ উন্মোচিত কৰি তুলিছে।
গহপুৰ আৰক্ষী থানাৰ চৌহদৰ বেৰৰ কাষতে গাতে লাগি থকা গহপুৰ শিৱ আৰু দুৰ্গা মন্দিৰৰ তলা ভাঙি যোৱা নিশা চোৰে লৈ যায় অৰিহনাৰ ধন। চিচি টিভি ফুটেজত ধৰা মতে নিশা ৩-৪৮ বজাত এজন চোৰ প্ৰৱেশ কৰিছিল উক্ত শিৱ আৰু দুৰ্গা মন্দিৰৰ ভিতৰত। তাৰ পাছত দান পাত্ৰৰ তলা ভাঙি লৈ যায় নগদ ধন। এইক্ষেত্ৰত পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা অনুসৰি-দুৰ্গা মন্দিৰৰ দান পাত্ৰৰ পৰা প্ৰায় সাত হাজাৰ টকা আৰু শিৱ মন্দিৰৰ দান পাত্ৰৰ পৰা লৈ যায় প্ৰায় ৫ হাজাৰ টকা নগদ ধন।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/25/whatsapp-image-2026-2026-02-25-16-36-18.jpeg)
উল্লেখযোগ্য যে,গহপুৰ আৰক্ষী থানাৰ নাতিদূৰৈত অৱস্থিত গহপুৰ নগৰৰ শ্ৰীৰাম মন্দিৰতো যোৱা ১৭ ফেব্ৰুৱাৰীৰ নিশা সংঘটিত হৈছিল আন এক চুৰিকাণ্ড। উক্ত শ্ৰীৰাম মন্দিৰৰ তলা ভাঙি চোৰে লৈ গৈছিল সোণৰ আ-অলংকাৰ আদি। শ্ৰীৰাম মন্দিৰত সংঘটিত হোৱা চুৰিকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই যোৱা নিশা গহপুৰ আৰক্ষীৰ নাকৰ তলতে গহপুৰ শিৱ আৰু দুৰ্গা মন্দিৰত চুৰি কাণ্ড সংঘটিত হোৱা ঘটনাই গহপুৰ আৰক্ষীক লজ্জানত কৰি তুলিছে।
কেৱল ইমানেই নহয় চলিত বৰ্ষৰ যোৱা ২৮ জানুৱাৰীৰ নিশা গহপুৰ নগৰৰ মাজমজিয়াত থকা নিউ জুৱেলাৰ্চ নামৰ এখন জুৱেলাৰী বিপনীতো সংঘটিত হৈছিল চুৰিকাণ্ড। গহপুৰ আৰক্ষী থানাৰ কাষতে অৱস্থিত উক্ত জুৱেলাৰীখনৰ পিছফালৰ পকী বেৰ কাটি চোৰে উঠাই লৈ গৈছিল এটা লোৰ চন্দুক।সেই চন্দুকটোৰ ভিতৰতে আছিল প্ৰায় ৫/৬ লক্ষাধিক টকাৰ সোণ ৰূপৰ আ-অলংকাৰ।এনেদৰে গহপুৰ নগৰৰ মাজমজিয়াত সঘনাই সংঘটিত হৈ অহা চুৰি কাণ্ড সমূহক লৈ এতিয়া গভীৰ নিৰাপত্তাহীনতাত ভুগিছে গহপুৰ নগৰৰ ৰাইজ। এইক্ষেত্ৰত গহপুৰ আৰক্ষীয়ে চুৰি চক্ৰ সমূহক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্যই আৰক্ষীৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস নোহোৱা হৈছে ৰাইজৰ।বিশেষকৈ যোৱা নিশা সংঘটিত হোৱা গহপুৰ শিৱ আৰু দুৰ্গা মন্দিৰৰ চুৰি কাৰ্য্যই গহপুৰ আৰক্ষীৰ অস্তিত্বক লৈ স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে সচেতন ৰাইজৰ মাজত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us