গহপুৰ সমজিলা আয়ুক্তৰ সভাকক্ষত সাংবাদিকৰে মত বিনিময় অনুষ্ঠান

গহপুৰ সমজিলাৰ নৱনিযুক্ত আয়ুক্ত আদিত্য প্ৰতাপ সিঙৰে সাংবাদিকৰ এক মত বিনিময় আৰু চিনাকি পৰ্ব অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত গহপুৰৰ বিভিন্ন সমস্যা আৰু অভাৱ-অভিযোগ সন্দৰ্ভত আলোচনা হোৱাৰ লগতে আয়ুক্তগৰাকীয়ে সাংবাদিক সকলৰ পৰা বিভিন্ন বিষয়ত পৰামৰ্শ গ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
cxcxcxcxc

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ সমজিলাৰ নৱনিযুক্ত আয়ুক্ত আদিত্য প্ৰতাপ সিঙৰে গহপুৰ সমজিলাৰ সাংবাদিক সকলৰ এক মত বিনিময় আৰু চিনাকি পৰ্ব অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত গহপুৰ সমজিলাৰ বিভিন্ন সমস্যা আৰু অভাৱ-অভিযোগ সন্দৰ্ভত আলোচনা হোৱাৰ লগতে আয়ুক্তগৰাকীয়ে সাংবাদিক সকলৰ পৰা বিভিন্ন বিষয়ত পৰামৰ্শ গ্ৰহণ কৰে।

গহপুৰ সমজিলাৰ অধীনস্থ কেইবাটাও বিভাগ যেনে খাদ্য আৰু যোগান পৰিক্ৰমা বিভাগ, গহপুৰ আবকাৰী বিভাগ, ছয়দুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যলয়, গহপুৰ মহকুমা কৃষি বিভাগ, গহপুৰ জনকল্যান বিভাগ আৰু ছয়দুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্য্যলয় মাহৰ পিছত মাহ ধৰি মুৰব্বী বিষয়া অবিহনে ভাৰপ্ৰাপ্ত ব্যৱস্থাৰে চলি থকাত ৰাইজে ভোগ কৰি অহা হাৰাশাস্তিৰ বিষয়ে সাংবাদিকসকলে অৱগত কৰে আয়ুক্ত আদিত্য প্ৰতাপ সিঙক। তদুপৰি গহপুৰ সমজিলা আয়ুক্তৰ কাৰ্য্যলয়ত এগৰাকী তথ্য আৰু জনসংযোগ বিষয়া নিযুক্তি দিবলৈ কোৱা হয় আয়ুক্তগৰাকীক।

তথ্য আৰু জনসংযোগ বিষয়া নথকাৰ কাৰণে সাংবাদিক সকলে তথ্য সংগ্ৰহত সন্মুখীন হৈ অহা সমস্যাৰ বিষয়ে বুজাই কোৱা হয় আয়ুক্তগৰাকীক। গহপুৰ নগৰৰ একাধিক স্থানত হোৱা ষ্ট্ৰীট লাইটৰ সমস্যাৰ সমাধান কৰা,ট্ৰেফিক পুলিচৰ সংখ্যা বৃদ্ধি কৰা, তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্য ৰোধ কৰা, আৱৰ্ত ভৱনৰ চাফ চিকুনতা বৰ্তাই ৰখা, ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত আলট্ৰা চাউণ্ডৰ ব্যৱস্থা নিয়মীয়া কৰা, ব্লাড বেংক স্থাপন কৰা, অধীক্ষক আৰু উপ অধীক্ষকৰ লগতে পৰ্য্যাপ্ত চিকিৎসক নিযুক্তি দিয়া আদি বিভিন্ন দিশৰ ওপৰত সাংবাদিক সকলে দৃষ্টিগোচৰ কৰে আয়ুক্তগৰাকীক।

ইফালে বিগত ১০ অক্টাবৰত গহপুৰ বিধান সভা সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা শুশ্ৰূষা সেতু মেগা স্বাস্থ্য শিৱিৰৰ বিভিন্ন বেমেজালি আৰু অনিয়মৰ ওপৰতো আয়ুক্তগৰাকীক আনুষ্ঠানিকভাবে অৱগত কৰে সাংবাদিক সকলে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৰূপায়িত উক্ত স্বাস্থ্য মেলাৰ বাবে  ষ্টেট বাজেট ২০২৫-২৬ বৰ্ষৰ অধীনত ধাৰ্য্য কৰাৰ পূজিৰ পৰিমান আছিল বিশ লাখ টকা। ইয়াৰে যাতায়তত ৫ লাখ,যোগাযোগ আৰু মিডিয়া-পাব্লিচিটিত ৩ লাখ,খাদ্যৰ শিতানত ৩ লাখ আৰু বাকী টকা বিভিন্ন শিতানত ধৰি বাজেট প্ৰস্তুত কৰা হৈছিল। যোগাযোগ আৰু প্ৰচাৰৰ ক্ষেত্ৰত পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডত মাত্ৰ ২০ খন আৰু ছয়দুৱাৰ উন্নয়ন খণ্ডত ২০ খন বেনাৰ যোগান ধৰাৰ লগতে মাইকযোগে প্ৰচাৰ কৰাৰ ক্ষেত্ৰত পঞ্চায়ত সমূহক দায়িত্ব দি তিনিলাখ টকাৰ এখন বাজেট(!) প্ৰস্তুত কৰাৰ বিষয়েও অৱগত কৰা হয় আয়ুক্ত আদিত্য প্ৰতাপ সিঙক।

WhatsApp Image 2025-10-25 at 9.57.15 AM

তিনিলাখ টকাৰ বাজেটেৰে কিমান নিম্নমানদণ্ডৰ খাদ্য,পেকেট লাঞ্চ আদি খুওৱা হৈছিল তাৰ তথ্যও ডাঙি ধৰা হয় আয়ুক্তগৰাকীক। আনকি বহুতে লঘুনীয়া পেটেৰেও যে স্বাস্থ্য শিৱিৰৰ পৰা উভতি যাবলগীয়া হৈছিল সেই বিষয়েও অৱগত কৰা হয়।যাতায়তৰ বাবে প্ৰস্তুত কৰা ৫ লাখ টকাৰ বাজেটৰ ধন ক'ত কেনেকৈ ব্যয় কৰা হ'ল তাৰ ওপৰতো এক তদন্ত কৰিবলৈ সা‌ংবাদিকসকলে অনুৰোধ কৰে আয়ুক্তগৰাকীক। উক্ত স্বাস্থ্য শিৱিৰৰ বাবে ধাৰ্য্য কৰা ২০ লাখ টকাৰ পূজিৰ  সঠিক ব্যৱহাৰ নোহোৱাৰ পৰিবৰ্তে উক্ত স্বাস্থ্য শিৱিৰ যে লুণ্ঠনৰ মেলালৈহে পৰিবৰ্তিত হ'ল তাৰ আভাষ আয়ুক্তগৰাকীৰ ওচৰত ডাঙি ধৰে সাংবাদিকসকলে।আনকি গাইডলাইন মতে স্বাস্থ্য শিৱিৰৰ শেষত তথ্য সমৃদ্ধ ভাবে প্ৰদান কৰিবলগীয়া এটা প্ৰেছ বিবৃতিও যে সেইদিনা দিয়া নহ'ল সেই বিষয়েও অৱগত কৰা হয় আয়ুক্তগৰাকীক।

উল্লেখযোগ্য যে, উক্ত মেগা স্বাস্থ্য শিৱিৰৰ হৰ্তা-কৰ্তাৰ ৰূপত আছিল ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ সংলগ্ন গহপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড আঁচনি প্ৰবন্ধক হৰেন গগৈ। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত গহপুৰত বিভিন্ন সময়ত ৰূপায়িত হৈ অহা এনেধৰণৰ কাৰ্য্যসূচী যেনে:- বিভিন্ন সভা সমিতি, সজাগতা সভা,স্বাস্থ্য শিৱিৰ আদিৰ অনুমোদিত আৰু ব্যৱহৃত পূজিৰ ওপৰত  উপযুক্ত তদন্তৰো পোষকতা কৰা হয়।তদুপৰি এই স্বাস্থ্য শিৱিৰটোত ব্যৱহৃত পূজিৰ ওপৰত এক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰিবলৈয়ো দাবী জনোৱা হয় আয়ুক্তগৰাকীক।কালি অনুষ্ঠিত উক্ত মত বিনিময় অনুষ্ঠানত সহকাৰী আয়ুক্ত জিণ্টু শৰ্মা, চয়নিকা হাজৰিকা, সীমা গগৈ উপস্থিত থাকে। গহপুৰৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত সকলো সাংবাদিকৰে আন্তৰিকতাপূৰ্ণ সহায় সহযোগিতা কামনা কৰে সমজিলা আয়ুক্ত আদিত্য প্ৰতাপ সিঙে।

গহপুৰ মহকুমা সাংবাদিক সন্থা গহপুৰ