১৬ বিঘা মাটিৰ কাটি থোৱা ধানৰ ডাঙৰি জ্বলাই দিলে দুৰ্বৃত্তই

শুকুৰবাৰে নিশা একেলগে গোটাই ৰখা ১৬ বিঘা ধানৰ ডাঙৰি জ্বলাই দি আসুৰিক তৃপ্তি লোৱা অচিনাক্ত দুৰ্বৃত্তৰ এই বৰ্বৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে গহপুৰৰ ৰাইজে।

author-image
Asomiya Pratidin
New Update
csdferfesdfsdsd

ডিজিটেল সংবাদ, গহপুৰঃ খাটিখোৱা কৃষকৰ উৎপাদিত ধানৰ ডাঙৰি জ্বলাই দিয়াৰ দৰে এক জঘন্য ঘটনা সংঘটিত হৈছে গহপুৰত। শুকুৰবাৰে নিশা একেলগে গোটাই ৰখা ১৬ বিঘা ধানৰ ডাঙৰি জ্বলাই দি আসুৰিক তৃপ্তি লোৱা অচিনাক্ত দুৰ্বৃত্তৰ এই বৰ্বৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে গহপুৰৰ ৰাইজে।

গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নবপুৰত সংঘটিত হৈছে এই ঘটনা। ১৬ বিঘা মাটিত কৰা ধান খেতিৰ ৮০০ ডাঙৰি ঘৰলৈ নিবৰ বাবে উক্ত স্থানত গোটাই থৈছিল হাজৰিকা চুকৰ দুই কৃষক অজিত হাজৰিকা আৰু ৰূপম ভূঞাই। কিন্তু ধানৰ ডাঙৰি সমূহ ঘৰলৈ নিয়াৰ পূৰ্বে পথাৰতে জ্বলাই দিয়ে কোনো অচিনাক্ত দুৰ্বৃত্তই।

Capturefdfdfdf

ঘটনাৰ খবৰ পোৱাৰ পিছত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি উপস্থিত হয় যদিও ইতিমধ্যে জুইত জাহ যায় ধানৰ ডাঙৰি সমূহ। দেহৰ ঘাম মাটিত পেলাই বহু কষ্টৰে উৎপাদন কৰা উক্ত কৃষকদ্বয়ৰ ধানৰ ডাঙৰি সমূহ জ্বলাই দিয়া ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক অতি সোনকালে চিনাক্ত কৰি যাবতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ গহপুৰ আৰক্ষীক দাবী জনাইছে গহপুৰৰ কৃষক ৰাইজে।

গহপুৰ কৃষক