গহপুৰত তিনিমহীয়া পুত্ৰ সন্তানক হত্যা কৰি পুতি থলে পিতৃয়ে

বুৰৈ চাহ বাগিচাৰ ১৯ নং লাইনৰ শ্ৰমিক লক্ষীৰাম গোড়ে(২৫) যোৱা ৯ ডিচেম্বৰৰ নিশা পত্নীৰ লগত হাই কাজিয়াত লিপ্ত হৈ পত্নীৰ কোলাৰ পৰা "এইটো মোৰ সন্তান" বুলি কৈ তিনিমহীয়া পুত্ৰ সন্তানটো লৈ যায়।

author-image
Asomiya Pratidin
New Update
urgfhhj

ডিজিটেল সংবাদ, গহপুৰঃ এগৰাকী পাষান হৃদয়ৰ পিতৃৰ জিঘাংসাৰ বলি হ'ল তিনিমহীয়া এটি পুত্ৰ সন্তান। গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈ চাহ বাগিচাৰ ১৯ নং লাইনত সংঘটিত হোৱা এই ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

জানিব পৰা মতে- বুৰৈ চাহ বাগিচাৰ ১৯ নং লাইনৰ শ্ৰমিক লক্ষীৰাম গোড়ে(২৫) যোৱা ৯ ডিচেম্বৰৰ নিশা পত্নীৰ লগত হাই কাজিয়াত লিপ্ত হৈ পত্নীৰ কোলাৰ পৰা "এইটো মোৰ সন্তান" বুলি কৈ তিনিমহীয়া পুত্ৰ সন্তানটো লৈ যায়। সন্তানটো কোলাত লৈ নিশাৰ আন্ধাৰত অনাই বনাই ঘূৰি ফুৰাৰ পিছত সন্তানটোক ডিঙি চেপি আৰু ঠেকেচি হত্যা কৰে লক্ষীৰাম গোড়ে। ইয়াৰ পিছত তেওঁ নিশাই সন্তানটোক বালি খান্দি পুতি থয় চেঙেলীজান নৈৰ পাৰত।

প্ৰথম অৱস্থাত ঘটনাটো লুকুৱাই ৰখা হৈছিল যদিও পৰবৰ্তী সময়ত পোহৰলৈ আহে সমগ্ৰ ঘটনা। ইয়াৰ পিছত আজি হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত যোৱা হেলেম আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে পুত্ৰ হত্যাকাৰী লক্ষীৰাম গোড়ক।তদুপৰি কাৰ্য্যবাহী দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো সেই স্থানৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে।

জীৱশ্ৰেষ্ঠ মানুহৰ দ্বাৰা সংঘটিত এই লোমহৰ্ষক ঘটনাটোৰ লগত জড়িত লক্ষীৰাম গোড়ক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে বৃহত্তৰ হেলেম অঞ্চলৰ ৰাইজে। এটি তিনিমহীয়া নিস্পাপ শিশুক নিজ পিতৃয়ে হত্যা কৰি পুতি থোৱাৰ দৰে জঘন্য ঘটনাটো আজিৰ আধুনিক সমাজ ব্যৱস্থাৰ বাবে অতি চিন্তনীয় বিষয় হৈ পৰা বুলি মন্তব্য কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে।

গহপুৰ