/asomiyapratidin/media/media_files/2025/12/19/1-2025-12-19-17-40-11.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ লোকসভাৰ শীতকালীন অধিৱেশনত বিকশিত ভাৰত-জি ৰাম জি বিল,২০২৫ গৃহীত হোৱাৰ পৰিপেক্ষিতত সমগ্ৰ দেশৰ লগতে শংকৰদেৱ আৰু মা কামাখ্যাৰ ভূমি অসমৰ গ্ৰাম্যাঞ্চলসমূহৰ আধুনিকীকৰণ আৰু ক্ষীপ্র উন্নয়নৰ পথ প্রশস্ত হ'ল বুলি ব্যক্ত কৰিছে ৰাজ্যিক বিজেপিয়ে।
এক প্রেছ বিজ্ঞপ্তিযোগে আজি ৰাজ্যিক বিজেপিৰ মুখপাত্র জয়ন্ত কুমাৰ গোস্বামীয়ে কয় যে, পূৰ্বৰ গ্রাম্য উন্নয়নৰ বাবে প্রচলিত মহাত্মা গান্ধী এনৰেগা (MGNREGA) আঁচনিৰ বিলুপ্তি ঘটাই দেশৰ গ্ৰাম্যাঞ্চলৰ জলাশয়, আন্তঃগাঁথনি, বতৰ বিজ্ঞান আৰু প্রাকৃতিক দুর্যোগ সম্বন্ধীয় বিষয়।
লগতে আত্মনিৰ্ভৰশীলতাৰ বিষয়সমূহ যেনে লাখপতি বাইদেউ, আত্মনিৰ্ভৰ অভিযান আদি বিষয়ক সামৰি নতুনকৈ 'বিকশিত ভাৰত-জি ৰাম জি' এই নামাকৰণেৰে এখন নতুন আইন প্রনয়ণ কৰাৰ লগে লগে পূৰ্বৰ এনৰেগা আঁচনিত থকা আসোৱাস সমূহ দূৰ কৰি ক্ষীপ্ৰতাৰে দেশৰ গ্ৰাম্যাঞ্চলক শক্তিশালী ৰূপত গঢ়ি তুলি বিকশিত ভাৰতৰ ভেটি ৰচনা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিৱেশ ৰচনা কৰে।
মুখপাত্ৰগৰাকীয়ে 'বিকশিত ভাৰত-জি ৰাম জি' আইনৰ যোগেদি অসমৰ গ্ৰাম্য অর্থনীতি অধিক শক্তিশালী হ'ব বুলি উল্লেখ কৰি কয় যে, আঁচনিখনে বর্তমান এনৰেগাৰ জৰিয়তে ১০০ দিনৰ মজুৰিৰ নিশ্চয়তাক প্রদানক কৰাৰ বিপৰীতে নতুন আইনখনে ১২৫ দিন মজুৰিৰ নিশ্চয়তা বৃদ্ধি কৰিছে লগতে অতিৰিক্তভাৱে ৬০ দিনৰ সম্প্ৰসাৰণৰ নিশ্চয়তা প্রদান কৰি ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ নিবনুৱাসকলক সকাহ প্রদান কৰিব।
এই আঁচনিৰ জৰিয়তে শ্রমিকসকলৰ কাম কৰা দিনসমূহৰ বায়'মেট্রিক ডাটা সংগ্ৰহ আৰু প্রতি সপ্তাহত মূল্যাংকণৰ ব্যৱস্থাৰ ফলত তেওঁলোকৰ শ্ৰম আৰু কৰ্মৰ সমতা, বিশ্বাসযোগ্যতা আৰু সর্বোপৰি গ্ৰহণযোগ্যতা বৃদ্ধি হ'ব।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অৰুণোদয়, লাখপতি বাইদেউ, নিযুত মইনা, মহিলা উদ্যমিতা আঁচনিৰ যোগেদি অসমৰ আই মাতৃ আৰু যুৱতীসকলক আত্মনিৰ্ভৰশীল, শিক্ষিত আৰু সমাজক সৱল নেতৃত্ব প্রদান কৰিবৰ বাবে প্ৰস্তুত কৰি তুলিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ নতুন আইনখনে মুখ্যমন্ত্ৰীগৰাকীৰ মহিলা সৱলীকৰণৰ বাবে লোৱা পদক্ষেপসমূহক ক্ষীপ্ৰতাৰে আগুৱাই নিয়াত সহায় কৰিব।
পূৰ্বৰ এনৰেগা আঁচনিখনক দৈনিক মজুৰিৰ ক্ষেত্ৰত ভুৱা শ্রমিক আৰু ভুৱা কাম দেখুৱাই পঞ্চায়ত প্রতিনিধিসকলে চৰকাৰী ধন আত্মসাত কৰাৰ সুৰুঙা আছিল কিন্তু নতুন আইনখনত বায় 'মেট্রিক ব্যৱস্থাৰ অর্ন্তভূক্তিৰ বাবে দুর্নীতিৰ বাট বন্ধ কৰিব। ফলত গ্রাম্য আন্তঃগাঁথনি শক্তিশালী হ'ব লগতে আইনখনে ডিজিটেল আন্তঃগাঁথনিৰে গাঁও সমূহক সংযোগ কৰি এখন গাঁৱৰ লগত আন আন গাঁওসমূহৰ সংযোজিত হ'ব বুলি প্রেছ বিজ্ঞপ্তিটোতে মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us