/asomiyapratidin/media/media_files/2026/01/29/1-2026-01-29-18-39-08.jpg)
ডিজিটেল ডেস্কঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা চিলাপথাৰ কাৰেঙ চাপৰিত TMPK'ৰ উদ্যোগত অনুষ্ঠিত দশম বাৰ্ষিক মিচিং যুৱ মহোৎসৱৰ আজি চতুৰ্থ দিনাও দেখা গৈছে এক উখল-মাখল পৰিৱেশ। ছয় দিনীয়া কাৰ্যসূচীৰে আয়োজিত মহোৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে আহি অংশগ্ৰহণ কৰিছে। চুবুৰীয়া অৰুণাচল প্ৰদেশৰ গা'ল,আপাতানি,নিছি আদি তানি গোষ্ঠীৰ অসংখ্য লোক মহোৎসৱত অংশ গ্ৰহণ কৰা দেখা গ'ল। ভূমিপুত্ৰ জনজাতি মিছিং সকলৰ ৰং বিৰঙি জাতীয় সাঁজ পৰিধান কৰি অনুষ্ঠান লৈ আহিছে অসংখ্য লোক।
/asomiyapratidin/media/post_attachments/fbc7a249-e33.png)
উল্লেখ্য যে, বিশাল ৰঙ্গমঞ্চত পুৱাৰ পৰাই জাক জাক সাংস্কৃতিক দলে লেৰেলি চমান,লত্বা চমান,ৰাকটোপ চনাম প্ৰদৰ্শনে উত্তাল কৰি তুলিছে পৰিবেশ। একালৰ ব্ৰহ্মপুত্ৰৰ বানত বিধস্ত কাৰেংচাপৰিত এতিয়া বৈছে মনপৰশা ঐনিতমৰ বন্যা। গুমৰাগৰ মাতত জীপাল হৈ পৰিছে নৈ পৰীয়া কাৰেংচাপৰীৰ বলুকা। ঢোল তালৰ উত্তাল মাত আৰু সুমুধুৰ ঐনিতমৰ মাতত উটি ভাঁহি গৈছে নৈপৰীয়া মিছিং ডেকা গাভৰু। কাইলৈ মহোৎসৱত উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। লগতে এই বিশেষ অনুষ্ঠানলৈ আমন্ত্ৰিত হৈছে বহু মন্ত্ৰী বিধায়কৰ লগতে বহু বৰেণ্য ব্যক্তি। দেশৰ গৃহ মন্ত্ৰীজনক আদৰণিৰে বাবে চলিছে ব্যাপক প্ৰস্তুতি। গৃহ মন্ত্ৰীজনক আদৰণিৰে বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ২ লক্ষাধিক মিছিং জনগোষ্ঠীয় লোক সাজু হৈ থকা বুলি আয়োজকে সদৰি কৰিছে।
/asomiyapratidin/media/post_attachments/7b24ab47-a9e.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us