/asomiyapratidin/media/media_files/2026/01/21/c800fca5-ff32-49cd-ad03-b36d761cacc7-2026-01-21-15-18-28.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ ফৰকাটিং ৰেল জংচনৰ এটা লেভেল ক্ৰচিং দুমাহ ধৰি বন্ধ হৈ থকাৰ বাবে দুদিন ধৰি অব্যাহত উত্তপ্ত পৰিবেশৰ৷ গোলাঘাট-মেৰাপানী পথৰ এই লেভেল ক্ৰছিংটো বন্ধ কৰাত ৰাইজ ভীষণ অসুবিধাৰ সন্মুখীন হৈছে৷
এই সন্দৰ্ভ কৃষকমুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত কেইবাবাৰো প্ৰতিবাদ হোৱাৰ পাছত মঙলবাৰে গোলাঘাটৰ নৱনিযুক্ত উপায়ুক্তগৰাকী উপস্থিত হৈ লেভেল ক্ৰছিংটো খুলি দিবৰ বাবে নিৰ্দেশ দিয়ে।
কিন্তু তাৰপাছতো আজি পৰ্যন্ত পথচোৱা খুলি দিয়া হোৱা নাই৷ ৰাইজে জনোৱা মতে পূৰ্বে পথচোৱা বন্ধ কৰাক লৈ চুক্তি হৈছিল যে, ইয়াৰ বিকল্প হিচাপে এক সংযোগী পথ নিৰ্মাণ কৰা হ’ব৷ কিন্ত ৰে’লৱে ইঞ্জিনিয়াৰিং বিভাগে ল’ক কলনীৰ এটা পুৰণা পথ মেৰামতি কৰি সম্পূৰ্ণ পথটো নিৰ্মাণ কৰিলে বুলি ৰাইজক জনোৱাত ৰাইজে ৰে’ল বিভাগৰ ইঞ্জিনিয়াৰৰ মিথ্যাচাৰ উদঙাই দিয়ে৷
এই সমগ্ৰ বিষয়টোৰ বাবে ফৰকাটিঙৰ ৰে’ল বিভাগৰ ইঞ্জিনিয়াৰ গৰাকী দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ইফালে, গেটখন যদি খুলি দিয়া নহয়, তেন্তে কিছুদিনৰ পাছত ফৰকাটিঙৰ শিঙিজান পথাৰত অনুষ্ঠিত হ’বলগা উদ্যোমিতা আঁচনিৰ সভালৈ মুখ্যমন্ত্ৰী আহিলে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us