/asomiyapratidin/media/media_files/2025/09/01/1-2025-09-01-11-18-13.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ এইবাৰ অৰুণোদয় প্ৰদানৰ নামত বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলীত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে একাংশ বিজেপি নেতাৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি, বিজেপি নেতাই অৰুণোদয় আঁচনি প্ৰদানৰ নামত দুখীয়া মহিলাৰ পৰা ৫০০ ৰ পৰা ১০০০ টকাকৈ সংগ্ৰহ কৰিছে ৷
প্ৰাপ্ত তথ্য় অনুসৰি, বঢ়মপুৰ সমষ্টিৰ বিজেপি নেতা বকুল শীলে কঠিয়াতলী জুৰিপাৰৰ বহু দুখীয়া মহিলাৰ পৰা অৰুণোদয় নামত ধন সংগ্ৰহ কৰি আঁচনি প্ৰদান কৰিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে মহিলা সকল ৷ দেওবাৰে কঠিয়াতলীত অনুষ্ঠিত কৰা প্ৰধানমন্ত্ৰী মন কি বাত অনুষ্ঠানত বিজেপি নেতা বকুল শীলক জবাবদিহি কৰে মহিলা সকলে ৷
মহিলা সকলৰ ৰুদ্ৰ ৰূপ দেখি পলায়ন কৰিবলৈ বাধ্য হয় বিজেপি নেতা গৰাকী ৷ কেৱল অৰুণেদয়ে নহয়, প্ৰধান মন্ত্ৰী আবাস গৃহ আৰু কৃষি ঋণ দিয়াৰ নামতো বকুল শীলে বহু মহিলাৰ পৰা সংগ্ৰহ কৰিছে ধন ৷ ইমানৰ পাছতো নীৰৱ বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী ৷
এতিয়া প্ৰশ্ন হয়, দুৰ্নীতিত শূন্য সহনশীল স্থিতি গ্ৰহণ কৰি নিকা ভাৱে সকলো ৰাইজক চৰকাৰী আঁচনি প্ৰদান কৰা বুলি দম্ভালি মৰা মুখ্যমন্ত্ৰী গৰাকীয়ে এই দালাল সদৃশ বিজেপি নেতা সকলৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে?