হাটশিঙিমাৰীত ভূমিকম্পৰ পূৰ্ণাংগ ম’কড্ৰিল সম্পন্ন

বুধবাৰে পুৱা মানকাচৰৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভূমিকম্প সন্দৰ্ভত এক পূৰ্ণাংগ ম’ক ড্ৰিল কাৰ্যসূচী ৰূপায়ন কৰা হয়।

author-image
Asomiya Pratidin
New Update
hafwdsdas

ডিজিটেল সংবাদ, মানকাচৰঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সহযোগত গুৱাহাটীৰ 1st BN NDRF বাহিনীৰ উদ্যোগত বুধবাৰে পুৱা ১০ বজাত মানকাচৰৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভূমিকম্প সন্দৰ্ভত এক পূৰ্ণাংগ ম’ক ড্ৰিল কাৰ্যসূচী ৰূপায়ন কৰা হয়।

Capturejyuytt

উল্লেখযোগ্য যে,  জিলা আয়ুক্তৰ কাৰ্য্যালয়ত এই সন্দৰ্ভত প্ৰশিক্ষণ আৰু অনুশীলন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পাছত আজি সেই অনুশীলনৰ অংশ হিচাপে এই পূৰ্ণাংগ ম’ক ড্ৰিল কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে সম্ভাৱ্য ভূমিকম্পজনিত দুৰ্যোগৰ সময়ত গ্ৰহণ কৰিবলগীয়া সুৰক্ষা ব্যৱস্থা, উদ্ধাৰ প্ৰক্ৰিয়া আৰু বিভাগসমূহৰ সমন্বয় সম্পৰ্কে সচেতনতা বৃদ্ধি কৰা।

tryrerwsdasa

এই ম’ক ড্ৰিলত ভূমিকম্প সংঘটিত হোৱাৰ ফলত খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ থকা অৱস্থাৰ এখন কল্পিত পৰিস্থিতি সৃষ্টি কৰা হয়। এই পৰিস্থিতিত 1st BN NDRF বাহিনীয়ে তৎপৰতাৰে বিদ্যালয়ৰ ভিতৰত আবদ্ধ ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰে।

Captureytrtte

ইয়াৰ উপৰিও, এটা দুমহলীয়া বিল্ডিঙৰ ওপৰত লোক আবদ্ধ হৈ থকা বুলি ধৰা লৈ ৰচীৰ সহযোগত বিল্ডিঙৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ কাৰ্য সম্পন্ন কৰা হয়। লগতে আহত লোকক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ অনুশীলনো চলোৱা হয়।

Capturegfgfdfsda

এই ম’ক ড্ৰিল কাৰ্যসূচীত জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, স্বাস্থ্য বিভাগ, এছডিআৰএফ বাহিনী, অগ্নি নিৰ্বাপক বাহিনী আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকি সমন্বিতভাৱে সম্পন্ন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে ভূমিকম্পৰ সময়ত ল’বলগীয়া সুৰক্ষা ব্যৱস্থা, তৎকালীন উদ্ধাৰ প্ৰক্ৰিয়া আৰু বিভাগসমূহৰ মাজত সমন্বয় কেনেদৰে গঢ়ি তুলিব লাগে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় বুলি আয়োজকসকলে জানিবলৈ দিয়ে।

মানকাচৰ