খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ এফএছএছএআইৰ বিশেষ পদক্ষেপ

দেশত নিৰাপদ আৰু স্বচ্ছ খাদ্যৰ প্ৰসাৰৰ বাবে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে এই পৰ্যন্ত ৩ লাখৰো অধিক পদপথৰ খাদ্য বিক্ৰেতাক প্ৰশিক্ষণ দিছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-08-12 at 8.39.40 PM

ডিজিটেল ডেস্কঃ দেশত নিৰাপদ আৰু স্বচ্ছ খাদ্যৰ প্ৰসাৰৰ বাবে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে এই পৰ্যন্ত ৩ লাখৰো অধিক পদপথৰ খাদ্য বিক্ৰেতাক প্ৰশিক্ষণ দিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপ ৰাও জাধৱে লোকসভাত লিখিত উত্তৰত সদৰি কৰিছে এই তথ্য ।

Advertisment

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, ২০১৭ চনত আৰম্ভ হোৱা খাদ্য সুৰক্ষা প্ৰশিক্ষণ আৰু প্ৰমাণীকৰণ (FoSTaC)কাৰ্যসূচীৰ অধীনত ‘ষ্ট্ৰীট ফুড ভেণ্ডিং’ নামৰ এক বিশেষ পাঠ্যক্ৰমৰ ডিজাইন কৰা হৈছে। ইয়াৰ জৰিয়তে পদপথৰ খাদ্য ব্যৱসায়ৰ সৈতে জড়িত অপাৰেটৰ আৰু কৰ্মচাৰীসকলক খাদ্য সুৰক্ষা আৰু মানদণ্ড সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হয়।

উল্লেখযোগ্য যে, এফ এছ এছ এ আইয়ে পৰিদৰ্শন, সজাগতা অভিযান আৰু কঠোৰ বলবৎকৰণৰ জৰিয়তে পথৰ খাদ্যৰ মানদণ্ড আৰু সুৰক্ষা নিশ্চিত কৰে। ইয়াৰ অধীনত খাদ্য সামগ্ৰীৰ নিয়মীয়া নিৰীক্ষণ, পৰিদৰ্শন আৰু নমুনা সংগ্ৰহ কৰা হয়। যদি খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ৰ অধীনত নিয়মৰ কোনো উলংঘা পোৱা যায়, তেন্তে সংশ্লিষ্ট ব্যৱসায়িক পৰিচালকসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়।

খাদ্য সুৰক্ষা