/asomiyapratidin/media/media_files/2025/11/09/170-2025-11-09-16-28-46.jpg)
ডিজিটেল সংবাদ, চিৰাং : সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলাতো সোমবাৰৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ৰ অধীনত ৰাজসাহাৰ্য্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণ কৰা হ'ব। ৰাজসাহাৰ্য্যযুক্ত নিৰ্দিষ্ট কিছু খাদ্য সামগ্ৰী ৰাজহুৱা বিতৰণৰ এই নতুন আঁচনি সন্দৰ্ভত দেওবাৰে জিলা সদৰ কাজলগাঁৱৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত যতীন বৰাই এখনি সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰী কৰে ।
তেখেতে উল্লেখ কৰে যে কাইলৈ অৰ্থ্যাৎ ১০ নৱেম্বৰৰ পুৱা ১০-০০ বজাত জিলাখনৰ কাজলগাঁও আৰু বিজনী মহকুমা সাঙুৰি মুঠ ৫০৩খন সুলভ মূল্যৰ দোকানত অসম চৰকাৰৰ এই আঁচনিখনৰ আনুষ্ঠানিক শুভ উদ্বোধন কৰা হ'ব। মচুৰ দাইল প্ৰতি কিলোগ্ৰাম ৬৯ টকা চেনী ৩৮ টকা আৰু নিমখ -১০ টকাৰ ৰাজসাহাৰ্য্যযুক্ত মূল্যত ৰেচনকাৰ্ডধাৰী পৰিয়ালসকলে সংগ্ৰহ কৰিব পাৰিব।
অসম চৰকাৰৰ এই ৰাজসাহাৰ্য্য যুক্ত আঁচনিখন সফল কৰি তুলিবলৈ ৰাইজৰ সহায় সহযোগ কামনা কৰে আয়ুক্তগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us